মমতা বেনাৰ্জীৰ চৰ মোৰ বাবে আশীৰ্বাদ: নৰেন্দ্ৰ মোদী

মমতা বেনাৰ্জীৰ চৰ মোৰ বাবে আশীৰ্বাদ:  নৰেন্দ্ৰ মোদী
Published on

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছিল যে গনতান্ত্ৰৰ কাৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁ চৰ সোধাব । এই মন্তব্যত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মমতা বেনাৰ্জীৰ চৰ তেওঁৰ বাবে আশীৰ্বাদ হে হব ।

পশ্চিম বংগৰ পুৰুলীয়াত এক ৰেলীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। লগতে কয় যে দিদিয়ে তেওঁক চৰ সোধাব বিচাৰিছে । দিদি অৰ্থাৎ বাইদেউ বুলি কৈ মমতা বেনাৰ্জীক মোদীয়ে সন্মান কৰে । সেয়েহে মমতা বেনাৰ্জীৰ চৰ তেওঁৰ বাবে আশীৰ্বাদ হব ।

লগতে মোদীয়ে কয় যে তেওঁ মানি লব কিন্তু মমতা বেনাৰ্জীৰ সিমান সাহস আছে জানো যে চিট ফাণ্ডৰ পৰা দুখীয়া লোকৰ ধন লুটি খোৱা তেওঁৰ সহকৰ্মীক চৰ সোধাবলৈ। মোদীয়ে তৃণমূল কংগ্ৰেছক চিট ফাণ্ড কেলেংকাৰী আৰু কৰ ফাঁকিৰ প্ৰসংগ উল্লেখ কৰি সমালোচনা কৰে ।

মংগলবাৰে মমতা বেনাৰ্জীয়ে এক ৰাজহুৱা ৰেলীত অংশগ্ৰহণ কৰি কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেক বাৰে তৃণমূল দলক ভ্ৰষ্টাচাৰ চৰকাৰ বুলি কোৱাৰ কাৰণে চৰ সোধাব মন যায় বুলি । গনতান্ত্ৰৰ হৈ মোদীক চৰ সোধাব মন যায় বুলি প্ৰকাশ কৰিছিল ।

ৰেলীত অংশগ্ৰহণ কৰি মমতা বেনাৰ্জীয়ে লগতে কয় যে টকা তেওঁৰ বাবে গুৰুত্বপূৰ্ণ নহয়, সেইকাৰণে মোদী পশ্চিম বংগলৈ আহে আৰু দলটোক ভ্ৰষ্টাচাৰ বুলি প্ৰকাশ কৰে ।

লগতে মোদীক সমালোচনা কৰি মমতা বেনাৰ্জীয়ে কয় যে মোদী মিচলিয়া আৰু দেশৰ শিশুৰ বাবে এক বেয়া উদাহৰণ বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com