ভূমি আইন সুৰক্ষিত কৰাৰ বাবে দিছ্পুৰৰ গঠন নতুন কেবিনেট কমিটি

ভূমি আইন সুৰক্ষিত কৰাৰ বাবে দিছ্পুৰৰ গঠন নতুন কেবিনেট কমিটি

ভূমি আইন সুৰক্ষিত কৰাৰ বাবে দিছ্পুৰৰ গঠন নতুন কেবিনেট কমিটি। ৰাজ্যিক কেবিনেটৰ দ্বাৰা নতুন ভূমি নীতি ২০১৯ স্বীকৃতি প্ৰদান কৰাৰ পিছত ৰাজ্য চৰকাৰে গঠন কৰিছে চাৰিজনীয়া এক কেবিনেট উপ কমিটি। এই পেনেলে জনজাতীয় এলেকাত বসবাস কৰা খিলঞ্জীয়া বসবাসকাৰী সকল সন্দৰ্ভত বিভিন বিষয় সমূহ পৰীক্ষা কৰিব। এই কেবিনেট উপ কমিটিয়ে তিনি মাহৰ ভিতৰত নিজৰ প্ৰতিবেদন দিব লাগিব।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অনুমোদনৰ পিছত ৰাজহ আৰু দুযোগ প্ৰশমন বিভাগৰ ফালৰ পৰা এই কেবিনেট উপ কমিটি গঠন কৰাৰ বাবে জাননী জাৰি কৰা হয়। ৰাজ্য চৰকাৰৰ পৰা গঠন কৰি দিয়া এই কেবিনেট উপ কমিটিৰ প্ৰধান হিচাপে থাকিব ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী । ৰাজ্য চৰকাৰে গঠন কৰা এই চাৰিজনীয়া উপ কমিটিৰ আন তিনি সদস্য হল ৰাজ্য চৰকাৰৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে । ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ সচিব দিলীপ দাস এজন সদস্য সচিব হিচাপে আছে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া কেবিনেট উপ কমিটিৰ। ৰাজ্য চৰকাৰে এই ব্যৱস্থা লবলৈ পদক্ষেপ হাতত লয় যেতিয়া ৰাজ্য চৰকাৰে এই বিষয় লক্ষ্য কৰিলে যে যি সমূহ ভূমি জনজাতীয় লোকৰ হয় সেই ভূমি অসৎ উপায়েৰে একাংশ অ-জনজাতীয় লোকে অধিকাৰ কৰি লৈছে।

তাৰ লগতে ৰাজ্য চৰকাৰৰ এই বিষয়তোও দৃষ্টিগোচৰ হৈছে যে একাংশ সন্দেহজনক নাগৰিকেও এই ভূমি অবৈধ ভাবে দখল কৰি লৈছে। এই জনজাতীয় লোক সকলৰ ভূমি ৰক্ষা কৰা তথা অধিকাৰ ৰক্ষা কৰাৰ বাবে অসম ভূমি আৰু ৰাজহ অধিনিয়ম চমুকৈ এ এল আৰ আৰ ৰ অনুচ্ছেদ ১০ নিশ্চিত ভাবে উন্নীতকৰণৰ ব্যৱস্থা কৰা হব ভূমি নীতি ২০১৯ত। জনজাতীয় লোক সকলক তেওঁলোকৰ অধিকাৰ থকা ভূমি পুনৰ হস্তান্তৰৰ ক্ষেত্ৰত স্থানীয় জিলাৰ উপায়ুক্তকো দ্বায়িত্ব দিয়া হব।ৰাজ্য চৰকাৰৰ ফালৰ পৰা উপায়ুক্ত সকলক এই নিৰ্দেশনা দিয়া হৈছে যে কোনো কাৰণতে যাতে কোনো অযোগ্য লোকে বা কোনো লোকে অসৎ উপায়েৰে সেই সংৰক্ষিত অঞ্চলত ভূমি বেদখল কৰিব নোৱাৰে।

উল্লেখযোগ্য যে ৰাজ্যত মুঠ ৩০ টা জনজাতীয় ব্লক আৰু ৰাজ্যত মুঠ জনজাতী য় অঞ্চলত প্রায় ৮৫,৮০,৮৪২ বিঘা ভূমি আছে। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া চাৰি জনীয়া কেবিনেট উপ কমিটিৰ নেতৃত্বত আগন্তক বছৰৰ প্ৰথম মাহৰ পৰাই জনজাতীয় এলেকাৰ ভূমি সংৰক্ষণৰ কাম আৰম্ভ হব।

উল্লেখযোগ্য যে ৰাজ্যৰ গোৱালপাৰা জিলাৰ চিডলি অঞ্চলত ১৯৪৭ চনৰ ৫ডিচেম্বৰত ভূমি সংৰক্ষণ কৰা হৈছিল। ৰাজ্য চৰকাৰে ১৯৪৮চনৰ ২৮ এপ্ৰিলত লখিমপুৰ জিলাত দ্বিতীয় বাৰৰ বাবে এক জাননী যোগে ভূমি সংৰক্ষণ কৰা হৈছিল। ১৯৪৮ চনৰ ১২জুলাই তো দৰং জিলাৰ জনজাতীয় এলেকাত ভূমি সংৰক্ষণৰ বাবে এক জাননী জাৰি কৰিছিল ৰাজ্য চৰকাৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Christmas celebrated in Kokrajhar

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com