Begin typing your search above and press return to search.

দিছপুৰে হিতাধিকাৰীৰ বাবে ১৫ বছৰৰ ভূমি নীতিৰ প্ৰস্তাৱ দিয়ে

দিছপুৰে হিতাধিকাৰীৰ বাবে ১৫ বছৰৰ ভূমি নীতিৰ প্ৰস্তাৱ দিয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jun 2019 7:07 AM GMT

থলুৱা ভূমিহীন লোকসকলৰ দীৰ্ঘ দিনৰ বাবে ভূমি প্ৰদান কৰিবৰ বাবে ভূমি নীতিত নতুন সংযোজন কৰাৰ প্ৰস্তাৱ দিয়ে দিছপুৰে । বৰ্তমানৰ নীতি অনুসৰি হিতাধিকাৰীয়ে লোৱাৰ ১০ বছৰৰ পিছত ভূমি বিক্ৰী কৰিব পাৰিব । এই পদক্ষেপে দশক ধৰি ভূমিহীন থলুৱা লোকসকলকে সুবিধা লাভ কৰিব ।

"অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ আইন ১৮৮৯ " নীতিত এই নীতি সংযোজন কৰাৰ গুৰুত্ব সহকাৰে লৈছে । ৰাজ্যিক ৰাজহ বিভাগে ইতিমধ্যে 'অসম ভূমি নীতি ২০১৯' খচৰা প্ৰস্তুত কৰিছে আৰু ৰাজ্যিক চৰকাৰৰ ১১ টা বিভাগলৈ পঠিওৱা হয় । এই ১১ টা বিভাগৰ পৰা এই নতুন ভূমি নীতি অন্তৰ্ভুক্ত কৰা অথবা ক্ৰুটি আছে নেকিৰ সন্দৰ্ভত মতামত বিচাৰে।ব্যক্তিগত, কৃষি, বন , অৰ্থ , উদ্যোগ , গুৱাহাটী উন্নয়ন আৰু গ্ৰামোন্নয়ন বিভাগলৈ মতামতৰ বাবে প্ৰেৰণ কৰা হৈছে । যদি কোনো বিভাগে খচৰা খনৰ সন্দৰ্ভত সময় সীমাৰ ভিতৰত মতামত নিদিয়ে তেতিয়া সন্মতি থকা বুলি ধৰি লোৱা হব ।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়ায়ে জেষ্ঠ বিষয়াৰ লগতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত আলোচনা কৰি এই “ভূমি নীতি-২০১৯” প্ৰস্তুত কৰিছে ।“১৯৮৯ চনৰ ভূমি নীতি ” আৰু “২০১৬ ভূমি নীতি” ৰ লগতে প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত হাৰি শংকৰ ব্ৰহ্মৰ ” অসমৰ থলুৱা লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষা কমিটিৰ নীতিৰ ওপৰত ভিত্তি কৰি “ভূমি নীতি-২০১৯ ” প্ৰস্তুত কৰা হৈছে । অসমৰ ৰাজ্যপালৰ নিৰ্দেশত ২০১৭ চনৰ ৬ ফেব্ৰুৱাৰীত এই কমিটি খন গঠন কৰা হৈছিল । ৰিপোৰ্ট জমা দিয়া হৈছিল ২০১৮ চনৰ ১৮ জানুৱাৰীত ।নতুন ভূমি নীতি ২০১৯ চনৰ শেষৰ ফালে ৰাজ্য চৰকাৰে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি