Begin typing your search above and press return to search.

দিছপুৰৰ ৰাজ্যৰ চাহ বাগানসমূহৰ শ্ৰমিকসকলৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ

দিছপুৰৰ ৰাজ্যৰ চাহ বাগানসমূহৰ শ্ৰমিকসকলৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 July 2019 7:56 AM GMT

দিছপুৰৰ ৰাজ্যৰ চাহ বাগানসমূহৰ শ্ৰমিকসকলৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ৷দিছপুৰে চাহ বাগানসমূহৰ শ্ৰমিকসকলে চাহত নিমখ খোৱাৰ যি অভ্যাস সেয়া পৰিৱৰ্তন কৰি চেনী খোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ লৈছে পদক্ষেপ। প্ৰকৃততে চলিত লোকসভা নিৰ্বাচনৰ সময়ত দিয়া বিভিন্ন আশ্বাসৰ ভিতৰত আছিল যে চাহবাগান সমূহত চেনীৰ যোগান ধৰা হ’ব।

গতিকে সম্প্ৰতি বিজেপি চৰকাৰে সেই আশ্বাসক বাস্তৱ ৰূপ দিছে ৷ আৰু চাহ বাগানৰ প্ৰত্যেকটো পৰিয়ালে খাদ্য বিভাগৰ অন্তৰ্গতত প্ৰতি মাহে দুই কেজি চেনী লাভ কৰিব । সম্প্ৰতি বিভাগে আঁচনিখনৰ বাস্তৱায়িত কৰাৰ কাৰনে কিছুমান নীতি নিয়ম নিৰ্ধাৰিত কৰিছে ৷কিন্তু ৰাজ্যৰ মন্ত্ৰী মণ্ডলৰ দ্বাৰা তৈয়াৰ কৰা নীতি নিয়মসমূহ অনুমোদিত হোৱাৰ পিছতহে বিভাগে চেনী প্ৰদান কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল’ব ৷

এক বিশেষ সূত্ৰৰ মত অনুসৰি এই আঁচনি চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা হোৱাৰ সম্ভৱনা আছে । উল্লেখ্য যে চাহ বাগানসমূহৰ শ্ৰমিকসকলৰ মাজত চেনীৰ পৰিৱৰ্তে নিমখ খোৱাৰ অভ্যাস আজিৰ দিনৰ নহয় ৷ সম্বৱত ব্ৰিট্টিছৰ দিনৰ ৷ কিন্তু শেহতীয়াকৈ ৰাজ্যচৰকাৰে লোৱা এই পদক্ষেপ যথেষ্ট উল্লেখ্যনীয় ৰূপে নিৰ্বাচিত হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক: বাগিছা সমুহত সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিবলৈ চাহ মজদুৰ সংঘৰ দাবী

Next Story
চাকৰি