Begin typing your search above and press return to search.

এনআৰচি প্ৰকাশলৈ মাজত দুটা দিন:দিছপুৰৰ সন্মুখত কিছু প্ৰত্যাহ্বান

এনআৰচি প্ৰকাশলৈ মাজত দুটা দিন:দিছপুৰৰ সন্মুখত কিছু প্ৰত্যাহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Aug 2019 4:30 AM GMT

এনআৰচি চূড়ান্ত প্ৰকাশলৈ মাজত মাত্ৰ দুদিন ৷ অৱশ্য দিছপুৰ সেই লোকসকলৰ বিষয়ে জ্ঞাত নহয় যিসকলৰ নাম এনআৰচিৰ পৰা বাহিৰত আছে ৷ কিছুসংখ্যক স্বদেশীলোকে বিভিন্ন কাৰণত এনআৰচিত নিজৰ নাম সন্নিবিষ্ট কৰিবৰ কাৰণে আবেদন কৰা নাই।

ৰাজ্য চৰকাৰৰ লগত এনেধৰণৰ লোকৰ সম্পূৰ্ণ সংখ্যা নাই। তিনি লাখতকৈ অধিক আবেদকে নিজৰ নাম এনআৰচিৰ অন্তৰ্ভূক্ত কৰিবলৈ দাবী নকৰাৰ সিদ্ধান্ত লয়। কাৰণ তেওঁলোকৰ নাম সম্পূৰ্ণ এনআৰচিত অন্তৰ্ভূক্ত ন’হল । এক বিশেষ সূত্ৰৰ মত অনুসৰি দিছপুৰে এনআৰচিৰ প্ৰাধিকৰণৰ পৰা তিনি লাখতকৈ অধিক আবেদকৰ সূচী বিচাৰিছিল যদিও সেই সূচী দিবলৈ সক্ষম ন’হল। গতিকে সেই লোকসকলে সম্প্ৰতি বিদেশী ন্যায়াধীকৰণৰ দুৱাৰ গচকিব লাগিব। আনহাতে চলিত বৰ্ষৰ ১ ছেপ্তেম্বৰ হ’ব

বিশেষভাৱে গুৰুত্বপূৰ্ণ ৷ কাৰণ কিছুমান লোকক ডি ভোটাৰ হিছাপে চিনাক্ত কৰা হ’ব ৷আৰু সেই লোকসকলৰ কিছুমানে এতিয়াও চৰকাৰী বিভাগৰ লগতে বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত ৷ তেওঁলোকৰ সন্তানেও বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত পঢ়ি আছে। গতিকে ডি ভোটাৰ নামেৰে চিনাক্ত কৰাৰ পিছত তেওঁলোকৰ সামাজিক স্থিতিত প্ৰভাৱ পেলাব পাৰে ৷

উল্লেখ্য যে ছুটী নোলোৱাকৈয়ে এনআৰচিৰ কামত ব্যস্ত হৈ আছে কৰ্মচাৰীসকল ৷ চলিত বৰ্ষৰ ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিয়োজিত কামৰূপৰ পাঁচটা ৰাজহ চক্ৰৰ লোকসকলৰ কাৰণে দেওবাৰ,দ্বিতীয় শনিবাৰ ,বিহু আৰু অন্যান্য উৎসৱত কোনো বন্ধৰ দিন লাভ কৰা নাই ৷ চলিত বৰ্ষৰ ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত দাবী আপত্তিৰ শুনানি হৈ আছে ৷

এনআৰচিত পুৰুষ কৰ্মচাৰীসকলে নিশালৈকে কামত ব্যস্ত হৈ থাকে। আৰু মহিলাসকলে নিশা ১০ বজালৈকে কাম কৰে ৷ যাতে ৰাজ্যখনে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী লাভ কৰে। দ্য চেন্টিনেলৰ সৈতে মত বিনিময় কৰি এজন বিষয়াই কয় যে গুৱাহাটী ৰাজহ চক্ৰত দহ গৰাকী মহিলাৰ লগতে ৪৮ গৰাকী মহিলাই কাম কৰি আছে ৷জিলাৰ পাঁচখন ৰাজহ চক্ৰ ক্ৰমে গুৱাহাটী,দিছপুৰ, সোনাপুৰ,আজৰা আৰু চন্দ্ৰপুৰত ১৪০ জন বিষয়াই কাম কৰি আছে ৷

অন্য খবৰৰ বাবে পঢ়ক:এনআৰচিৰ সন্দৰ্ভত আছু আৰু জনগোষ্ঠীয় সাহিত্য সভাৰ যৌথ সভা

ভিডিঅ প্ৰতক্ষ্য কৰক:Union Minister Ramdas Athwale attended Mass Convention in Dhemaji

Next Story
চাকৰি