Begin typing your search above and press return to search.

দেশজুৰি চিকিৎসালয় সমূহত চিকিৎসকৰ প্ৰতিবাদ: সমস্যাৰ সন্মুখীন ৰোগী

দেশজুৰি চিকিৎসালয় সমূহত চিকিৎসকৰ প্ৰতিবাদ: সমস্যাৰ সন্মুখীন ৰোগী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Jun 2019 8:26 AM GMT

সোমবাৰে সমগ্ৰ দেশজুৰি চিকিৎসক সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতে হাৰাশাস্তিৰ সন্মুখীন হব লগা হয় ৰোগী সকল।

সোমবাৰে প্ৰায় হাজোৰ ৫০ বছৰীয়া আজাদ আলি গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতাললৈ আহিছিল চিকিৎসাৰ বাবে কিন্তু অপিডি বিভাগত দিনৰ ২ বজালৈকে এজনো চিকিৎসক উপস্থিত নহয় । সেয়েহে তেওঁৰ কষ্ট সমূহ অথলৈ যায় ।

কেৱল আলিয়ে অকলে নহয় । এশৰো অধিক ৰোগী চিকিৎসাৰ বাবে সোমবাৰে জি এম চি এইচ উপস্থিত হৈছিল । কিন্তু চিকিৎসক সকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৰোগী সকল। জি এম চি এইচৰ দৰে একে পৰিষ্ঠিতি সৃষ্টি হয় অসম মেডিকেল কলেজ আৰু হস্পিতালত, ডিব্ৰুগড়, শিলচৰ মেডিকেল কলেজ আৰু হস্পিতাল, যোৰহাট মেডিকেল কলেজ আৰু হস্পিতাল , তেজপুৰ মেডিকেল কলেজ আৰু হস্পিতাল, বৰপেটাৰ ফকৰোদ্দিন আলি আহমেদ মেডিকেল কলেজ আৰু হস্পিতাল, জিলা চিকিৎসালয় আৰু ব্যক্তিগত চিকিৎসালয় সমূহত একে পৰিস্থিতি সৃষ্টি হয় । সমগ্ৰ অসমতে চিকিৎসালয় সমূহত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

সোমবাৰে দেশজুৰি বন্ধ থাকে হাস্পতাল। পশ্চিম বংগত চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতাৰে সোমবাৰে পুৱা ৬ বজাৰ পৰা মঙলবাৰৰ পুৱা ৬ বজালৈ কৰ্মবিৰতি ঘোষণা কৰিছিল ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে। কলকাতাৰ নীল ৰত্ন চৰকাৰী মেডিকেল কলেজৰ পৰা আৰম্ভ হোৱা ঘটনাক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। দেশজুৰি সকলো হাস্পতালত ২৪ ঘণ্টাৰ বাবে জৰুৰীকালীন সেৱাৰ বাদে সকলো সেৱা বন্ধ থাকিব। অৱশ্যে এই প্ৰতিবাদী কাৰ্যসূচীত অন্তৰ্ভুক্ত নহয় AIIMS। AIIMSৰ ফালৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত জনোৱা হৈছে এই কথা। AIIMSৰ ফালৰ পৰা কোৱা হৈছে যে সোমবাৰৰ পুৱাৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীত অন্তৰ্ভুক্ত নহয় যদিও এঘণ্টাৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

এই বন্ধৰ সময়ছোৱাত সকলো হাস্পতালতে জৰুৰীকালীন সেৱাৰ বাদে এক্সৰে’, এম আৰ আইৰ দৰে সুবিধাসমূহ বন্ধ থাকে। ইয়াৰ উপৰি ব্যক্তিগত চিকিৎসালয়, ক্লিনিক আদিও বন্ধ থাকে কৰ্মবিৰতিৰ সময়ছোৱাত।ইফালে, পশ্চিম বংগত অব্যাহত থকা প্ৰতিবাদৰ মাজতে কনিষ্ঠ চিকিৎসকসকলৰ দাবীক সোমবাৰে বিয়লি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সকলো মেডিকেল কলেজৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়। ১৪খন মেডিকেল কলেজৰ দুগৰাকীকৈ প্ৰতিনিধি বৈঠক থাকে মুখ্যমন্ত্ৰীৰ সৈতে। এই প্ৰতিনিধিসকলৰ লগতে মুখ্য সচিব, স্বাস্থ্য বিভাগৰ অতিৰিক্ত আৰু প্ৰধান সচিব আৰু মেডিকেল শিক্ষাৰ সঞ্চালকো উপস্থিত থাকে ।

অধিক খবৰৰ বাবে পঢ়ক:কলকাতাত অমিত শ্বাহৰ ৰোড শ্বত বিজেপিৰ কৰ্মীক প্ৰহাৰক লৈ বিজেপিৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল

Next Story
চাকৰি