আপুনি নিৰাশ ন’হব:ই’ছৰোৰ মুৰব্বী কে সিৱানক নৰেন্দ্ৰ মোডীৰ আহ্বান
চন্দ্ৰযান ২ ৰ সৈতে সংযোগ বিছিন্ন হোৱাৰ পিছত ইছ’ৰোৰ বিজ্ঞানীসকলৰ সাহস বৃদ্ধি কৰিবলৈ শনিবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হ’ল ISRO ৰ কাৰ্যালয়ত ৷ এই সময়তে কাৰ্যালয়ত বিৰাজ কৰে এক আৱেগিক পৰিবেশ ৷ কাৰণ, লেণ্ডাৰ বিক্ৰমৰ লগত সম্পৰ্ক বিছিন্ন হৈছিল ৷ বৰ্ষটো সকলো ফচল অসাৰত পৰিণত হৈছিল যদিও মনোবল হেৰুৱা নাছিল ইছ’ৰোৰ বিজ্ঞানীসকলে। দেশবাসীয়ে ইছ’ৰোৰ প্ৰত্যেকটো পদক্ষেপক লৈ সম্প্ৰতি গৰ্বিত ।
ইফালে শুক্ৰবাৰে নিশালৈকে ইছ’ৰোৰ কাৰ্যালয়ত বিজ্ঞানীসকলৰ মনোবল বৃদ্ধি কৰিবলৈ উপস্থিত থকা প্ৰধানমন্ত্ৰী মোডী আকৌ শনিবাৰে উপস্থিত হয় ই’ছৰোৰ কাৰ্যালয়ত । সেই সময়তে প্ৰধানমন্ত্ৰী মোডী আৰু ইছ’ৰোৰ মুৰব্বী কে সিৱানৰ চকু সেমেকি উঠে। বাংলালুৰুৰ চেন্টাৰৰ পৰা উভতি আহিবৰ সময়ত ইছৰোৰ মুৰব্বী কে সিৱানে প্ৰধানমন্ত্ৰী মোডীক বিদায় দিবলৈ আহিছিল। আৰু আৱেগিক হৈ পৰা ই’ছৰোৰ মুৰব্বী কে সিৱানক সাহস দিবলৈ তেওঁক সাৱটি ধৰোতে প্ৰধানমন্ত্ৰীগৰাকী নিজেও আৱেগিক হৈ পৰিছিল ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ চকু পানী সামৰি ইছ’ৰোৰ বিজ্ঞানী কে সিৱানক কয় যে আপুনি নিৰাশ ন’হব ।আকৌ নতুন আশাৰে আগৱাঢ়ি যাওঁক ৷ লগতে কে সিৱানক নিজৰ দুবাহুৰ মাজত ৰাখি নৰেন্দ্ৰ মোডীয়ে সাহস দিয়াৰ দৃশ্যই চুই গৈছে সমগ্ৰ বিশ্ব বাসীৰ অন্তৰ ৷ আৰু সকলোৱে আশা কৰিছে ভাৰতৰ চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰা সপোন অচিৰেই বাস্তৱত ৰূপায়িত হ’ব ৷