Begin typing your search above and press return to search.

মহাপুৰুষ শংকৰদেৱৰ ৫৭১ তম জন্ম জয়ন্তী উদযাপন

মহাপুৰুষ শংকৰদেৱৰ ৫৭১ তম জন্ম জয়ন্তী উদযাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2019 11:28 AM GMT

মহাপুৰুষ শংকৰদেৱৰ ৫৭১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত ধৰ্মীয় উৎসাহ উদ্দীপনাৰে উদযাপন‌ কৰা হয় । ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ডুমডুমাতো বাৰে ৰহনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ তম জন্ম জয়ন্তী উদযাপন কৰা হয়।নৱ বৈষ্ণৱ আন্দোলনৰ পুৰোধা মহাপুৰুষ শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে ডুমডুমা ৰাজহুৱা নামঘৰ সমিতীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে ৮ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈকে বিভিন্ন কাৰ্যসূচীৰে পালন কৰে।

ডুমডুমাৰ ভক্তপ্ৰান ৰাইজে অত্যন্ত উৎসাহ উদ্দীপনাৰে গুৰুজনাৰ জন্ম জয়ন্তী মঙ্গলবাৰে কীৰ্তন প্ৰসংগৰ জৰিয়তে শুভাৰম্ভ কৰে। ইয়াৰ পাছতে অনুষ্ঠানৰ অংশ ৰূপে ধৰ্মীয় পতাকা উত্তোলন কৰা হয়।পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰে সভাপতি সোনাৰাম বৰাই । মহাপুৰুষ জনাৰ জন্ম জয়ন্তী সৈতে সংগতি ৰাখি ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা , কুইজ, বৰগীত , দিহানাম প্ৰতিযোগিতাৰ লগতে সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

আনহাতে সামৰনিৰ দিনা খন ৰাতিপুৱা নাম প্ৰসংগ কাৰ্যসূচীৰে অনুষ্ঠান আৰম্ভ কৰা হয়। তদুপৰি গুৰু জনাৰ জন্ম বাৰ্ষিকী পালনৰ ওপৰত সংগতি ৰাখি এক ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰা হয়। ভাগৱত গীতাৰ সৈতে কৰা এই শোভাযাত্ৰা কাৰ্যসূচী চহৰ খনৰ মূল পথেৰে পৰিভ্ৰমণ কৰাৰ পাছত নামঘৰত সমাপন কৰা হয়। এই শোভাযাত্ৰা কাৰ্যসূচীত কমেও ডেৰ শতাধিক লোকে অংশগ্ৰহণ কৰি ডুমডুমা চহৰ হৰি নামৰ ধ্বনিৰ মুখৰিত কৰি তোলে। শেষৰ দিনা নিশালৈ ভাওনা প্ৰদৰ্শনেৰে তিনিদিনীয়া এই জন্ম জয়ন্তী অনুষ্ঠানৰ সামৰনি মৰা হয় ।

অন্য খবৰৰ বাবে পঢ়ক : কলিয়াবৰত অমিত শ্বাহ: শ্ৰীমন্ত শংকৰদেৱ আৰু ভূপেন হাজৰিকাক সুৱৰি ভাষন আৰম্ভ শ্বাহৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch | Assam Boxer Jamuna Boro’s Mother Namali Boro speaks to media

Next Story
চাকৰি