Begin typing your search above and press return to search.

বাইহাতা চাৰিআলিৰ দিল্লী পাব্লিক স্কুলৰ বিশ্ব পৰিবেশ দিৱস উৎযাপন

বাইহাতা চাৰিআলিৰ দিল্লী পাব্লিক স্কুলৰ বিশ্ব পৰিবেশ দিৱস  উৎযাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jun 2019 12:01 PM GMT

আজি বিশ্ব পৰিবেশ দিৱস । বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যবাসীয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে।

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বাইহাতা চাৰিআলিৰ দিল্লী পাব্লিক স্কুলৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলে ৰঙিয়াত ৰেলীৰ আয়োজন কৰিছে । কামৰূপ জিলাৰ আন আন ৪ টা স্থানতো পৰিবেশ দিৱস উৎযাপন কৰে। ৰঙিয়া, নলবাৰী, গোৰেশ্বৰ আৰু মংগলদৈ মংগলবাৰে ৰঙীন প্লে কাৰ্ড লৈ ৰেলীত অংশগ্ৰহণ কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে । লগতে পৰিবেশ সুৰক্ষা ক্ষেত্ৰত বিভিন্ন শ্লোগান দিয়ে ।

সুস্থ আৰু সুৰক্ষিত পৰিবেশৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই ৰেলী উলিয়াওৱা হয় । প্ৰথমতে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলে পৰিবেশ সুৰক্ষাৰ বাবে বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠানৰ আয়োজন কৰে ।

কামৰূপ দিল্লী পাব্লিক স্কুলৰ অধক্ষ্য সংগীতা বৰায়ে কয় যে পৰিবেশ সুৰক্ষা কৰাৰ লগতে এটা উন্নত ভৱিষ্যতৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাংগনত গছ পুলি ৰোপণৰ কাৰ্যসুচী গ্ৰহণ কৰা হয় ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি