Begin typing your search above and press return to search.

 ২০২০ ৰ সচিত্ৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ অসমত

 ২০২০ ৰ সচিত্ৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ অসমত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Dec 2019 7:48 AM GMT

গুৱাহাটী: ২০২০ৰ সচিত্ৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ অসমত। ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশত অসমত প্ৰকাশ পালে ২০২০ৰ ভোটাৰ তালিকাৰ খচৰা । ২০১৯ ৰ ভোটাৰ তালিকাৰ তুলনাত এই প্ৰকাশিত ভোটাৰ তালিকাত ১,৪৪,৫৭৩ গৰাকী অধিক ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা দেখা গল। উল্লেখযোগ্য যে সোম বাৰে ৰাজ্যৰ প্ৰতিখন জিলাতে ২০২০ৰ সচিত্ৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ পাইছে।

নিৰ্বাচন আয়োগৰ ফালৰ পৰা জনোৱা অনুসৰি সচিত্ৰ ভোটাৰ তালিকা অসম,২০২০ ৰ প্ৰকাশিত খচৰা অনুসৰি মুঠ ভোটাৰ হল ২,১৯,৫০,০৯৭ গৰাকী। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ ১,১২,২০,৮৯৩ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ১,০৭,২৮,৭৯৪ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৪১০ গৰাকী। অন্যহাতে ২০১৯ চনৰ ছয় ফেব্ৰুৱাৰীত প্ৰকাশিত সচিত্ৰ ভোটাৰ তালিকা অনুসৰি ৰাজ্যত ভোটাৰৰ সংখ্যা আছিল ২,১৮,০৫,৫২৪ গৰাকী। নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশ অনুসৰি কোনো ভুল বা আপত্তি আদি অভিযোগ কৰাৰ শেষ দিন ২০২০ চনৰ ২২ জানুৱাৰী লৈকে। এই আপত্তি অভিযোগ সমূহ নিষ্পত্তি কৰা হব ২০২০চনৰ তিনি ফেব্ৰুৱাৰীৰ নিৰ্দিষ্ট দিনৰ ভিতৰত। সচিত্ৰ ভোটাৰ তালিকা খন চূড়ান্তভাৱে প্ৰকাশ পাব ২০২০ চনৰ ১৪ফেব্ৰুৱাৰীত ।

২০২০ ৰ সচিত্ৰ ভোটাৰ তালিকাৰ খচৰা অনুসৰি দিছ্পুৰ বিধানসভা সমষ্টিত আটাইতকৈ অধিক ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে । ২০২০ ৰ সচিত্ৰ ভোটাৰ তালিকাৰ খচৰা অনুসৰি ৩,৮৩,৯৬৭ গৰাকী ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে দিছ্পুৰ বিধানসভা সমষ্টিত। দিছ্পুৰ বিধানসভা সমষ্টিত ভোটাৰৰ বৃদ্ধি পোৱা সংখ্যা অনুসৰি পুৰুষ ভোটাৰৰ সংখ্যা বৃদ্ধি পায় হৈছেগৈ ১,৯২,৮৫৮ গৰাকী,মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পায় হৈছেগৈ ১,৯১,০৯৯ অন্যহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা বৃদ্ধি পায় হৈছেগৈ ১০ গৰাকী।অন্যহাতে ২০২০ ৰ প্ৰকাশিত সচিত্ৰ ভোটাৰ তালিকাৰ খচৰা অনুসৰি অন্যান্য বিধানসভা সমষ্টিৰ তুলনাত কম ভোটাৰ থকা বিধানসভা সমষ্টি হল থাওৰা সমষ্টি।২০২০ ৰ সচিত্ৰ ভোটাৰ তালিকাৰ খচৰা অনুসৰি শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত থাওৰা বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা হল ১,১০,৮০৭ গৰাকী।ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৫৬,৬৩১ আৰু মহিলা ভোটাৰৰ সংখ্যা হল ৫৪,১৭৬,তৃতীয় লিংগৰ ভোটাৰ সংখ্যা শূন্য। ২০২০ ৰ সচিত্ৰ ভোটাৰ তালিকাৰ খচৰা অনুসৰি আন কেইটামান বিধান সভা সমষ্টিৰ ভোটাৰৰ সংখ্যা এনেধৰণৰ দক্ষিণ শালমৰা ১,৭৭,১৬৮ গৰাকী,ধুবৰী ১,৮৪,৩৩২গৰাকী ,বঙাইগাঁও ত ১,৬৭,২৫৯ গৰাকী,নলবাৰীত ১,৯৬,২০৮ গৰাকী,গোলাঘাট ত ১,৯৫,৫৪৯ গৰাকী,যোৰহাট ১,৭৫,২৬৯,মাজুলীত ১,২৬,৪২৯,লক্ষীমপুৰত ১,৭৫,৮৮৮,জোনাই ২,৮৬,১০৯,ডিব্ৰুগড় ত ১,৪০,৪৬২ ,তিনিচুকীয়াত ১,৬৫,৭৬৯,বৰপেটাত ১,৯৫,৮৫৭ আৰু শদিয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিত প্ৰকাশিত সচিত্ৰ ভোটাৰ তালিকাৰ খচৰা অনুসৰি ভোটাৰৰ সংখ্যা হল ১,৭৯,০৭৯ গৰাকী।

অন্য খবৰৰ বাবে পঢ়ক : চৰকাৰৰ প্ৰলোভনৰ ৰাজনীতি : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডুমডুমাত প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: All Assam Lawyers Association staged protest rally against CAA 2019 in Guwahati

Next Story
চাকৰি