Begin typing your search above and press return to search.

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰৰ সময় সীমা হ্ৰাস: নিৰ্বাচনী আয়োগ

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰৰ সময় সীমা হ্ৰাস: নিৰ্বাচনী আয়োগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 May 2019 11:25 AM GMT

বুধবাৰে নিৰ্বাচনী আয়োগে নজীৰবিহীন সিদ্ধান্ত ঘোষণা কৰে। অন্তিম পৰ্যায় লোকসভা নিৰ্বাচনৰ বাবে পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰৰ সময় সীমা হ্ৰাস কৰিলে নিৰ্বাচনী আয়োগে । পশ্চিম বংগত শুকুৰবাৰৰ পৰিবৰ্তে আজি নিশা ১০ বজাত শেষ হব নিৰ্বাচনী প্ৰচাৰ ।

১৯ মে অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হব অন্তিম পৰ্যায় ভোট গ্ৰহণ। অন্তিম পৰ্যায় ভোট গ্ৰহণৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন আছিল শুকুৰবাৰে । কিন্তু নিৰ্বাচনী আয়োগে বৃহস্পতি বাৰে নিশা ১০ বজাত নিৰ্বাচনী প্ৰচাৰ অন্তিম দিন ধাৰ্য কৰে।

মংগলবাৰে কলকাতাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ৰোডশ্বত হোৱা হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিততে নিৰ্বাচনী আয়োগে এই নিৰ্দেশনা দিয়ে ।

নিৰ্বাচনী আয়োগে পশ্চিম বংগৰ গৃহ বিভাগৰ মুখ্য সচিব আত্ৰি ভট্টাচাৰ্যয়েক নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা নিলম্বন কৰে । চিআইডিৰ এডিজি ৰাজীৱ কুমাৰকো নিলম্বন কৰা হৈছিল যদিও বৃহস্পতি বাৰে পুনৰ দায়িত্ব গ্ৰহণ কৰিবলৈ কয় কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

নিৰ্বাচনী আয়োগে প্ৰথম বাৰৰ বাবে সংবিধানৰ ৩২৪ নং অনুচ্ছেদ অনুসৰি নিৰ্দেশনা দিয়ে । এই অনুচ্ছেদ অনুসৰি নিৰ্বাচনী পেনেলৰ নিৰ্বাচনৰ ক্ষেত্ৰত বাতিল কৰা অথবা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা থাকে।

পশ্চিম বংগৰ ৯ টা লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ আজি ১০ বজাত অন্ত পৰিব বুলি প্ৰকাশ কৰে নিৰ্বাচনী আয়োগে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি