Begin typing your search above and press return to search.

আৰ্থিক সংকটে চাহ উদ্যোগত প্ৰভাৱ পেলাইছেঃঅসম প্ৰদেশ কংগ্ৰেছ কমিটী

আৰ্থিক সংকটে চাহ উদ্যোগত প্ৰভাৱ পেলাইছেঃঅসম প্ৰদেশ কংগ্ৰেছ কমিটী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Aug 2019 7:06 AM GMT

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই কয় যে দেশৰ আৰ্থিক সংকটৰ প্ৰভাৱ সম্প্ৰতি ৰাজ্যৰ চাহ উদ্যোগত পৰিছে ৷ কাৰণ সম্প্ৰতি চাহ শ্ৰমিক সকলক ২০ শতাংশ বোনাছ দিয়াত চৰকাৰে অসমৰ্থতা প্ৰদৰ্শন কৰিছে ৷এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক দোষী সাব্যস্ত কৰি ৰিপুণ বৰাই কয় যে চাহ কোম্পানীসকলৰ লগত আলোচনাৰ মাধ্যমেৰে ২০ শতাংশ বোনাছ সুনিশ্চিত কৰিব লাগে ৷

ৰিপুন বৰাই সোমবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যি চাহ সম্প্ৰদায় কল্যানৰ কথা কয় সেয়াই মজদূৰ সকলক বঞ্চিত কৰে ৷ ৰাজ্য চৰকাৰক শ্ৰমিক সকলৰ কাৰণে ২০ শতাংশ বোনাছ সুনিশ্চিত কৰিবৰ কাৰনে চাহ কোম্পানীসকলৰ লগত আলোচনা কৰিব লাগে।

বিজেপি দলটোৱে দৈনিক ৩৫১ টকা বৃদ্ধি কৰিবলৈ আৰু চাহ বাগান অঞ্চলসমূহত ১০০ খন বিদ্যালয় স্থাপন কৰিবলৈ প্ৰতিশ্ৰুতি দিছিল ৷ৰাজ্যত চাহ বাগান অঞ্চলসমূহত ১০০০ টা এটিএম খোলাৰ কাৰনে দৃঢ় প্ৰতিজ্ঞ আছিল ৷ কিন্তু ৰাজ্যত চাহ বাগান অঞ্চলসমূহত মাত্ৰ ২৫০ টা এটিএমহে স্থাপন কৰা হ’ল ৷চাহ উদ্যোগৰ সংকটৰ সময়ত তৎকালীন কংগ্ৰেছ চৰকাৰে ৪০০ কোটি টকাৰ পেকেজ দিছিল ৷

কিন্তু সম্প্ৰতি বিজেপি চৰকাৰৰ শাসন কালত কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে কিয় ১০০০ কোটি টকাৰ পেকেজ দিব নোৱাৰে বুলি প্ৰশ্ন কৰে ৰিপুন বৰাই ৷ লগতে ৰিপুন বৰাই ৰাজ্য চৰকাৰক ২০ শতাংশ বোনাছ দিবলৈ দাবী কৰে। ইফালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভতো মত প্ৰকাশ কৰে ৰিপুন বৰাই ৷

উত্তৰ পূব চাহ সমিতিৰ চাহৰ বোনাছৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া ৷ অসমৰ চাহ উদ্যোগ সম্প্ৰতি এক বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অসমৰ চাহ শ্ৰমিকে ২০ শতাংশৰ পৰিৱৰ্তে পাব ৮.৩৩ শতাংশ ৷ ভাৰতত চাহ খেতিয়ে বিশ্বৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছে ৷চাহ খেতিয়ে অসমৰ সামাজিক,আৰ্থিক আদি সকলো ক্ষেত্ৰতে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে ৷

অৱশ্যে চাহ উদ্যোগে সম্প্ৰতি তীব্ৰ সংকট আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ মঙলবাৰে গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত কনছালটেটিভ কমিটী অৱ প্লান্টেশ্বন এছ’চিয়েশ্বনৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত নৰ্থ ইষ্টাৰ্ন টী এছ’চিয়েশ্বনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে কয় যে অসমৰ চাহ উদ্যোগলৈ নামি অহা সংকটৰ কাৰণে বোনাছ আইন অনুসৰি চাহ শ্ৰমিকক ৮.৩৩ শতাংশ বোনাছ দিব পাৰে।

অধিক খবৰৰ বাবে পঢ়ক: ডোনী প’ল’ চাহ বাগিচাৰ গোল্ডেন নিডল চাহৰ বিশেষ সাফল্য

ভিডিঅ প্ৰতক্ষ্য কৰক:APCC President Ripun Bora holds press meet

Next Story
চাকৰি