এহাল বিশেষ দম্পতীঃঝাৰু, চেণ্ডেলেৰে খেদি পঠিয়ালে চোৰক:চৰ্চিত সৰ্বত্ৰে

এহাল বিশেষ দম্পতীঃঝাৰু, চেণ্ডেলেৰে খেদি পঠিয়ালে চোৰক:চৰ্চিত সৰ্বত্ৰে

যদি আপুনি ভাবিছে যে বয়স বঢ়াৰ লগে লগে মানুহৰ শক্তি হ্ৰাস পাই আহে তেন্তে আপুনি ভুল ভাবিছে ৷ কাৰণ আজি আমি আপোনালোক জনাম ৭০ উৰ্দ্ধৰ এহাত বৃদ্ধ দম্পতীয়ে কেনেদৰে দুটা ডকাইতক খেদি খেদি নিজৰ লগতে সা সম্প্ৰতি ৰক্ষা কৰে ৷ ঘটনাটো হ’ল কাদাইয়ামৰ কল্যাণপুৰমৰ ৷ সাম্প্ৰতিক সময়ত ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ই বিশেষ চৰ্চা লাভ কৰিছে ৷ঘটনানুসৰি কাদাইয়ামৰ কল্যানীপুৰম ৭০ বছৰীয়া বাসিন্দা শ্যানমুগাভেল নামৰ লোকজনে নিজৰ বাসগৃহত এখন মেজত বহি আছিল।

শ্যানমুগাভেল নামৰ বৃদ্ধ লোকজনে এখন কাকত আনিবলৈ লওঁতেই,পিছৰ পৰা সেই সময়তে মুখত কাপোৰ বান্ধি অহা এজন মানুহজনৰ ডিঙিত কাপোৰেৰে মেৰিয়াই ধৰে ৷ মুখত কাপোৰ বান্ধি অহা লোকজনে শ্যানমুগাভেলক বেছিকৈ কাপোৰেৰে ডিঙিত মেৰিয়াই ধৰিবলৈ লওঁতেই সেই সময়তে ৬৫ বয়সীয়া পত্নী সেন্থামাৰিয়া ঘৰৰ বাহিৰলৈ আহে ৷ আৰু সেই সময়তে ভিডিঅ’টিত আৰু এজন মুখত কাপোৰ বন্ধা মানুহক দেখিবলৈ পোৱা যায় ।ইফালে ভিডিঅ’টিত প্ৰায় ৪৫ ছেকেণ্ডত বৃদ্ধ দম্পতীহালে চোৰ দুটাৰ লগত বহু যুদ্ধ কৰে ৷

শ্যানমুগভেলৰ পত্নীয়ে হাতত ঠাইতে যিয়ে পাই সেই সকলো বস্তু চোৰ দুটাৰ গালৈ দলিওৱা দেখা গৈছে ৷ আনকি ঘৰত থকা জোতা চেণ্ডেল আদিও চোৰ দুটাৰ গালৈ দলিয়াই। ইয়াৰ উপৰিও ঘৰত থকা প্লাষ্টিকৰ চকী, মেজ য’ত যি পায় সকলো বস্তু চোৰৰ গালৈ দলিয়াবলৈ ধৰে ৷ইয়াৰ পিছতে চোৰ দুটা দম্পতীহালৰ ঘৰৰ পৰা দৌৰী বাহিৰলৈ ওলাই যায়।

ইফালে বৃদ্ধ দম্পতী হালৰ সাহস দেখি সম্প্ৰতি সকলোতে চৰ্চা লাভ কৰিছে । আৰু ইয়াৰ ভিডিঅ’টিও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ লগতে সকলোৱে বৃদ্ধ দম্পতীৰ সাহকক প্ৰশংসা কৰিছে ৷ সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত বৃদ্ধ দম্পতীহালে কয় যে আমি নিজ গৃহত চোৰৰ লগত যুঁজিবলৈ সাজু আছিলো ৷

লগতে কয় যে আমি গাঁৱৰ কাষৰ এখন ফাৰ্ম হাওচত থাকোঁ ৷ এই ফাৰ্ম হাউচ ঘন জংঘলৰ একেবাৰে কাষত অৱস্থিত। ইয়াত পাঁচ একৰ ভূমি আছে ৷ আৰু আমি ইয়াত ৪০ বছৰৰ পৰা আছো ৷ আৰু আমি এই ঠাইখনত আগৰ পৰা সজাগ আছিলো ৷ সেই ডকাইত কেইটাই আমাক আক্ৰমণ কৰিছিল কাৰণ আমি থকা ঠাইখিনি গাঁৱৰ পৰা বহু দুৰত আছিলো ৷

যেতিয়া মোক ডকাইতকেইটাই ডিঙিত ধৰি আক্ৰমণ কৰিছিল তেতিয়া মই চিঞৰিবলৈ আৰম্ভ কৰিছিলো ৷ বৃদ্ধাগৰাকীৰ পত্নীৰ তেওঁলোকক ডকাইতে আক্ৰমণ কৰাৰ পিছত সম্পূৰ্ণ ৰূপে ভয়াতুৰ হৈ পৰিছে ৷ কিন্তু সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কয় যে মই মোৰ পতিক বহুত ভাল পাওঁ ৷ গতিকে তেওঁক মই ডকাইতৰ হাতত কেনেকৈ এৰি দিওঁ ৷মই সৰুৰে পৰা বহুত সাহসী আছিলো। অৱশ্য, স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com