Begin typing your search above and press return to search.

নিৰ্বাচন আয়োগে অসমত আৰম্ভ কৰিলে নিৰ্বাচনী সমীক্ষা

নিৰ্বাচন আয়োগে অসমত আৰম্ভ কৰিলে নিৰ্বাচনী সমীক্ষা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2019 7:22 AM GMT

নিৰ্বাচন আয়োগে অসমত আৰম্ভ কৰিলে নিৰ্বাচনী সমীক্ষা ৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ তদাৰকত অসমৰ নিৰ্বাচন বিভাগে দেওবাৰৰ পৰা দেশৰ অন্যান্য ঠাইৰ লগতে অসমতো ভোটদাতাসকলৰ সত্যাপন আৰম্ভ কৰিছে ৷ ইফালে প্ৰকাশ পালে বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম সূচী ৷এই দুয়োটা বিষয়কে একেলগ কৰিব নোৱাৰি যদিও ভাৰতীয় নিৰ্বাচন আয়োগৰ সকলো ভোটদাতাৰ সত্যাপন কৰাটো গুৰুত্ব পূৰ্ণ ৷

ভাৰতীয় নিৰ্বাচন আয়োগৰ দ্বাৰা কৰা সকলোতকৈ বৃহৎ ভোটদাতা সত্যাপন অভিযান ১৫ অক্টোবৰলৈকে থাকিব। ইয়াৰ পিছত ফ’টো ইলেক্ট্ৰ’ৰেলৰ কাম আৰম্ভ হ’ব ৷ ৰাজ্যৰ নিৰ্বাচন আয়োগৰ এক বিশেষ সূত্ৰৰ মত অনুসৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ তদাৰকত এই অভিযানৰ সময়ত প্ৰত্যেক ভোটদান কেন্দ্ৰৰ বিষয়াসকলে প্ৰত্যেক ঘৰত উপস্থিত হৈ ভোটদাতাসকলৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভে তদন্ত কৰিব।

যিসকলে এইবাৰ ১৮ বছৰ সম্পূৰ্ণ কৰিলে ৷ তেওঁলোকৰ নাম ভোটাৰৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ উপৰিও। লগতে কিছুমান ভোটদাতা ইহলীলা সম্বৰণ কৰাৰ পিছতো ভোটাৰৰ তালিকাত নাম থকাৰ প্ৰসংগতে সুনিশ্চিত কৰিব ।আনহাতে বুথ কমিটীৰ বিষয়াসকলক যিসমূহ তথ্য দেখুওৱা হ’ব সেইসমূহৰ ভিতৰত আছে পাচ পৰ্ট,ড্ৰাইভিং লাইচেন্স,আধাৰ কাৰ্ড,ৰেছন কাৰ্ড,চৰকাৰী বিষয়াসকলে দিয়া কাৰ্ড,বেংক পাচবুকৰ লগতে ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্ধাৰিত কৰা বিশেষ পত্ৰ উল্লেখ্য।

অন্য খবৰৰ বাবে পঢ়ক: ভাৰতীয় নিৰ্বাচন আয়োগে দাখিল কৰিলে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা

ভিডিঅ প্ৰতক্ষ্য কৰক:Prafulla Kumar Mahanta addresses media in Guwahati | The Sentinel News | Assam News

Next Story
চাকৰি