ভোটাৰৰ নিৰ্বাচনী সত্যাপনৰ কাৰ্যক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া

ভোটাৰৰ নিৰ্বাচনী সত্যাপনৰ কাৰ্যক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া

ভোটাৰৰ নিৰ্বাচনী সমীক্ষাৰ যাৱতীয় কাম সমাপ্ত হ’বলৈ পাঁচদিন থকা সময়তে কেৱল ৩০ শতাংশতকৈও কম সংখ্যক ভোট দাতাইহে ভাৰতীয় নিৰ্বাচন আয়োগৰ আধাৰত সত্যাপন কৰিবলৈ সক্ষম হৈছে। ইফালে উজনি অসমৰ কিছুসংখ্যক ভোটদাতাইহে নিৰ্বাচনী সত্যাপনৰ কাম কৰিছে। অৱশ্য নামনি অসমৰ তুননাত উজনি অসমত সত্যাপন কৰা ভোটদাতাৰ সংখ্যা বেছি যদিও সন্তোষজনক নহয়।

কামৰূপ মেট্ৰ’ত আঠ শতাংশতকৈও সীমিত সংখ্যক লোকেহে সত্যাপনৰ কাম আৰম্ভ কৰিছে ৷ আনহাতে নিৰ্বাচনী সত্যাপন প্ৰগ্ৰে’ম আৰু চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কোনো সম্পৰ্ক নাই যদিও ভাৰতীয় নিৰ্বাচন আয়োগৰ পদক্ষেপ গুৰুত্বপূৰ্ণ ৷ ইফালে নিৰ্বাচনী সত্যাপনৰ আধাৰত ফ’টো ইলেক্ট্ৰৰেল প্ৰকাশ কৰা হ’ব ।শেহতীয়া ফ’টো ইলেক্ট্ৰ’ৰেল সূচী অনুসৰি অসমত ২,১৯,৯১,১১২ জন ভোটাৰ আছে। ভোটাৰ সকলে তেওঁলোকৰ নাম, পাচৱৰ্ড, পাবৰ কাৰণে ইপিআইচি আৰু মোবাইল নাম্বাৰৰ সৈতে http://nvsp.in/ লগ ইন কৰিব পাৰে ৷

লগতে লোকসকলে নাম আৰু পাচৱৰ্ড পোৱাৰ পিছত ভোটদাতা সকলে তেওঁলোকৰ লগতে পৰিয়ালৰ সদস্যৰ নাম আছে নে নাই সেয়া পৰীক্ষা কৰিব পাৰে। আৰু যদিহে সকলো তথ্য শুদ্ধ নাই তেন্তে আকৌ যাৱতীয় তথ্য শুদ্ধ কৰিব পাৰে। সত্যাপন কৰিবৰ কাৰণে ভোটাৰ সকল Votershelpline মোবাইল এপ ব্যৱহাৰ কৰিব পাৰে। উল্লেখ্য যে মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চন্দ্ৰ সাহুৱে দ্য চেন্টিনেলৰ সৈতে হোৱা মত বিনিময়ত কয় যে ,সাহুৱে আশা কৰিছে যে ১৫ অক্টোবৰলৈকে সকলো ভোটাৰৰ নিৰ্বাচনী সত্যাপন কাৰ্যত বহু ভোটাৰে ভাগ ল’ব ৷লগতে ভোটাৰসকলে ভৱিষ্যতে ভোটদানৰ লগতে অন্যান্য বিষয়সমূহৰ তথ্য ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰা মোবাইল ফোন আৰু ই মেইলৰ জৰিয়তে লাভ কৰিব।

ৰাজ্যৰ নিৰ্বাচন আয়োগৰ এক বিশেষ সূত্ৰৰ মত অনুসৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ তদাৰকত এই অভিযানৰ সময়ত প্ৰত্যেক ভোটদান কেন্দ্ৰৰ বিষয়াসকলে প্ৰত্যেক ঘৰত উপস্থিত হৈ ভোটদাতাসকলৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভে তদন্ত কৰিব।যিসকলে এইবাৰ ১৮ বছৰ সম্পূৰ্ণ কৰিলে ৷ তেওঁলোকৰ নাম ভোটাৰৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ উপৰিও। লগতে কিছুমান ভোটদাতা ইহলীলা সম্বৰণ কৰাৰ পিছতো ভোটাৰৰ তালিকাত নাম থকাৰ প্ৰসংগতে সুনিশ্চিত কৰিব ।আনহাতে বুথ কমিটীৰ বিষয়াসকলক যিসমূহ তথ্য দেখুওৱা হ’ব সেইসমূহৰ ভিতৰত আছে পাচ পৰ্ট,ড্ৰাইভিং লাইচেন্স,আধাৰ কাৰ্ড,ৰেছন কাৰ্ড,চৰকাৰী বিষয়াসকলে দিয়া কাৰ্ড,বেংক পাচবুকৰ লগতে ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্ধাৰিত কৰা বিশেষ পত্ৰ উল্লেখ্য।

ভিডিঅ প্ৰতক্ষ্য কৰক:Job Scam at Brahmaputra Cracker Private Limited (BCPL) in Dibrugarh

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com