গুৱাহাটীৰ গ্ৰেণ্ড মেজিষ্ট্ৰী হোটেলত অয়'ৰ যুৱতী কৰ্মচাৰীক আক্ৰমণ

গুৱাহাটীৰ গ্ৰেণ্ড মেজিষ্ট্ৰী হোটেলত অয়'ৰ যুৱতী কৰ্মচাৰীক আক্ৰমণ
Published on

মহানগৰৰ হাতিগাওঁস্থিত হোটেল গ্ৰেণ্ড মেজিষ্ট্ৰী হোটেলত অয়'ৰ যুৱতী কৰ্মচাৰীক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে । হোটেল খন প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰৰ পুত্ৰ নেকিবুৰ জামানৰ । নেকিবুৰ জামানে হোটেল খনৰ যুৱতী কৰ্মচাৰীক মাৰ-ধৰ কৰে। ঘটনাৰ সংক্ৰান্তত কৰ্মচাৰীয়ে হাতিগাওঁ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। আই পি চি ধাৰা 289/19U/S 448/ 354/509 নং গোচৰ ৰুজু কৰা হৈছে। বৰ্তমানলৈকে নেকিবুৰ জামানক আটক কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষী অব্যাহত ৰাখিছে অভিযান ।

উক্ত ঘটনাৰ সন্দৰ্ভত অয়’ৰ মুখপাত্ৰই কয় যে হোটেলৰ মালিক বা যিকোনো পক্ষৰ এনে ব্যৱহাৰ নিন্দনীয়। কৰ্মচাৰী আৰু অতিথিৰ সুৰক্ষা অয়’ৰ কাৰণে সকলোতকৈ গুৰুত্বপূৰ্ণ । আমি এই ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে আইনৰ সকলো কামৰ বাবে সাজু আছোঁ। আমি আমাৰ কৰ্মচাৰীক সকলো ধৰণৰ সহায় কৰিবৰ বাবে সাজু বুলি প্ৰকাশ কৰে ।

এই ক্ষেত্ৰত অয়’ৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে কয় যে ঘটনাটোৱে তেওঁক হতভম্বিত কৰি তুলিছিল কিন্তু সুখী কাৰণ অয়’ কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো আৰক্ষীক অৱগত কৰিছে । আইনৰ ওচৰত তেওঁৰ সম্পূৰ্ণ ভৰসা আছে আৰু তেওঁলোকে এটা উচিত বিচাৰ কৰিব বুলি আশা কৰে।

ইতিমধ্যে কোম্পানীৰ কৰ্মচাৰীৰ লগত দুৰ্ব্যৱহাৰৰ কাৰণে হোটেলৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com