Begin typing your search above and press return to search.

যোৰহাটত এনকেফেলিটিচত আক্ৰান্ত হৈ ৬ জনৰ মৃত্যু, ১০ জন চিকিৎসাধীন

যোৰহাটত এনকেফেলিটিচত আক্ৰান্ত হৈ ৬ জনৰ মৃত্যু, ১০ জন চিকিৎসাধীন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Jun 2019 9:51 AM GMT

যোৱা ১৫ দিনত এনকেফেলিটিচত আক্ৰান্ত হৈ ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০ জন লোক বৰ্তমানে আক্ৰান্ত হৈ আছে । ৰোগী সকল যোৰহাটৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে । এই কথা প্ৰকাশ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধক্ষ্য ডঃ অমৃত শইকীয়ায়ে ।

স্বাস্থ্য বিভাগৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে, ৬ ব্যক্তি অত্যাধিক জ্বৰৰ ফলত চিকিৎসাধীন হৈছিল আৰু ১৫ দিনৰ ভিতৰত তেওঁলোকৰ মৃত্যু হয় । তেওঁলোকৰ নাম হৈছে নাকাচাৰী নুৰী খাতুন, চয়কটাৰ স্মৃতি পাহাৰীয়া, চুংগীৰ প্ৰতিমা বৰা , কবিতা বৰা আৰু মানিক দাস , বৰহুলা গৌৰী শংকৰ, তিপমিয়া । ১০ জনৰ ভিতৰত ৩ জনক চিকিৎসাৰ পাছত ঘৰলৈ পঠিওৱা হয় ।

আনহাতে এই বছৰত প্ৰায় ২০০ টা এ ই এচ ( Acute Encephalitis syndrome)ত আক্ৰান্ত চিনাক্ত কৰা হৈছে । এনে পৰিস্থিতিৰ বাবে বিভাগে প্ৰতিৰোধ মূলক ব্যবস্থা গ্ৰহণ কৰিছে ।

নেচনেল ভেক্টৰ বোৰ্নি ডিজিজ কন্ট্ৰল প্ৰগ্ৰেমৰ মতে ভেক্টৰ বহিৰ্ভূত ৰোগৰ প্ৰবনতা সমূহ কামৰূপ , ডিব্ৰুগড় , শোণিতপুৰ আৰু শিবসাগৰত অধিক। যোৱা কেইবছৰত জাপানীজ এনকেফেলিটিচ আৰু একিউট এনকেফেলিটিচ চাইনদ্ৰম ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এই জিলা কেইখনত অধিক আছিল ।

২০১৭ চনৰ নেচনেল হেল্থ প্ৰফাইলৰ মতে , অসমত ২০১২ ৰ পৰা ২০১৭ চনলৈকে ভেক্টৰ বোৰ্নি ডিজিজৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা অধিক আছিল । ২০১৪ চনত এই ৰোগত আক্ৰান্ত হৈ ১৬৫ জনকৈ লোকৰ মৃত্যু হৈছিল , ২০১৫ চনত ১৬০ জনৰ মৃত্যু হৈছিল, ২০১৭ চনত ১১৯ আৰু ২০১৮ চনত ৬৬ জন লোকৰ মৃত্যু হৈছিল । বিগত বৰ্ষত বিভাগে প্ৰতিৰোধ মূলক ব্যবস্থা গ্ৰহণ কৰাৰ বাবে মৃত্যুৰ হাৰ হ্ৰাস হৈছিল। লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল । প্ৰত্যেক খন জিলাৰ পৰা প্ৰত্যেক দিনাই ৰিপোৰ্ট সমূহ গ্ৰহণ কৰা হৈছিল ।লগতে ৰাজ্যৰ প্ৰত্যেক খন চিকিৎসালয়তে ঔষধ সমূহ মজুত ৰখা হৈছিল ।

জাপানীজ এনকেফেলিটিচ মহৰ দ্বাৰা হয়। গ্ৰাম্য অঞ্চল আৰু চহৰমূখী অঞ্চলত সমূহত এই ৰোগ বিধ অধিক হোৱা পৰিলক্ষিত হয় । জাপানীজ এনকেফেলিটিচ আৰু একিউট এনকেফেলিটিচ চাইনদ্ৰমৰ (AES) ৰোগৰ লক্ষ্যন সমূহ হৈছে মূৰ বিষ, জ্বৰ, গাঠি আৰু মাংসপেশীৰ বিষ, দুৰ্বল অনুভৱ আৰু টোপনি ভাব আহি থকা আদি সমূহ।

বৰ্তমানে অসমত ভয়াবহ ৰূপ ধাৰণ কৰা নাই জাপানীজ এনকেফেলিটিচ আৰু একিউট এনকেফেলিটিচ চাইন্দ্ৰ’ম যদিও সতৰ্কতা জাৰি কৰিছে । জাপানীজ এনকেফেলিটিচৰ বাবে ৰাজ্যৰ জিলা সমূহত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক:জাপানীজ এনকেফেলিটিচৰ আতংক: ৬ জনৰ মৃত্যু, ২৪ আক্ৰান্ত

Next Story
চাকৰি