Begin typing your search above and press return to search.

সন্ত্ৰাসবাদৰ অৱসান ঘটোৱা, নহ'লে আমি জলৰাশি বন্ধ কৰিম:পাকিস্তানক সকিয়নি নীতিন গাদকাৰীৰ

সন্ত্ৰাসবাদৰ অৱসান ঘটোৱা, নহলে আমি জলৰাশি বন্ধ কৰিম:পাকিস্তানক সকিয়নি নীতিন গাদকাৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 May 2019 8:30 AM GMT

পাকিস্তানক সন্ত্ৰাস মূলক কাৰ্যকলাপৰ বন্ধ কৰিবলৈ সকিয়নি ভাৰতৰ । যদি পাকিস্তানে সীমান্তত সন্ত্ৰাস মূলক কাৰ্যকলাপৰ অৱসান নঘটাই, ভাৰতে উপায় বিহীন হৈ তিনি খন নদীৰ জলৰাশি বন্ধ কৰিবলৈ বাধ্য হব বুলি প্ৰকাশ কেন্দ্ৰীয় কৰে মন্ত্ৰী নীতিন গাডকাৰীয়ে ।

এক সাক্ষাৎকাৰত নীতিন গাডকাৰীয়ে কয় যে সিন্ধু জল চুক্তিৰ অধিনত তিনি খন নদীৰ ওপৰত অধ্যয়ন কৰাৰ লগতে সবিশেষ প্ৰকল্প ৰিপোৰ্টৰ কাম ইতিমধ্যে সম্পুৰ্ণ হৈছে আৰু দুটা প্ৰকল্পৰ কাম গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে ।

১৯৬০ চনৰ সিন্ধু জল চুক্তিৰ মতে ৬ খন নদীৰ ভিতৰত ভাৰতৰ তিনি খন নদীৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে। এই তিনি খন নদী হৈছে ৰবি, বিপাশা , শতদ্ৰু । আনহাতে পাকিস্তানৰ ইণ্ডুচ, জেহলোম আৰু চিনাম নদীৰ ওপৰত অধিকাৰ আছে।

এই চুক্তি খনৰ উদ্দেশ্যে আছিল দুয়োখন দেশৰ মাজত ভাতৃত্ববোধ, ভালপোৱা আৰু স্নেহৰ বৃদ্ধি কৰা । সেইমতে ভাৰতে ভাতৃত্ববোধ বজাই ৰাখি পাকিস্তানক জলৰাশি প্ৰদান কৰিছিল বুলি প্ৰকাশ কৰে নীতিন গাডকাৰীয়ে ।

কিন্তু বৰ্তমান দুয়োখন দেশৰ মাজত কোনো ভাতৃত্ববোধৰ সম্পৰ্ক নাই ।পাকিস্তানে ভাৰতৰ নিৰীহ ব্যক্তিক আক্ৰমণ কৰি হত্যা কৰে। সেয়েহে যদি পাকিস্তানে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া বন্ধ নকৰে , আমি উপায়ন্তৰ হৈ জলৰাশি বন্ধ কৰিব লাগিব বুলি প্ৰকাশ কৰে নীতিন গাডকাৰীয়ে ।

লগতে তেও প্ৰকাশ কৰে যে ভাৰতে পাকিস্তানক বহুবাৰ সুযোগ প্ৰদান কৰিছে । তেওঁলোকে সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন কৰা বন্ধ কৰিব লাগে। সন্ত্ৰাসবাদীক সমৰ্থন আগবঢ়োৱা যদি বন্ধ কৰে তেন্তে আমাৰ কোনো অসুবিধা নাই । কিন্তু যদি তেওঁলোকে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন কৰে তেন্তে ভাৰতৰ কোনো উপায় নাথাকিব । আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি জলৰাশি বন্ধ কৰিব লাগিব বুলি প্ৰকাশ কৰে।

সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী সংগঠন পাকিস্তানৰ কাৰনে সমস্যাৰ কাৰন হৈ পৰিছে । এয়ায়ে সময় ভাৰত আৰু পাকিস্তানৰ কাৰনে দৰিদ্ৰ আৰু নিবনুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা। ভাৰতে প্ৰতিৰক্ষাৰ নামত বহুতো বিনিয়োগ কৰিছে বুলিও প্ৰকাশ কৰে বিজেপিৰ জেষ্ঠ নেতা গৰাকীয়ে ।

লগতে তেওঁ কয় যে মালিগাঁও বিস্ফোৰণত ভূপাল লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সাদ্বি প্ৰঞ্জা অভিযুক্ত আছিল, কিন্তু এয়া তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ বুলি প্ৰকাশ কৰে। এয়া কংগ্ৰেছৰ ষড়যন্ত্ৰ আছিল বুলি প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি