ৰাজীৱ ভৱনত তৰুণ গগৈৰ সংবাদমেল : এন আৰ চিৰ সন্দৰ্ভত মন্তব্য গগৈৰ

আজি ৰাজীৱ ভৱনত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে আৰ এচ এচৰ নিৰ্দেশত এন আৰ চি প্ৰস্তুত কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এন আৰ চি প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে আৰ এচ এচৰ নিৰ্দেশ প্ৰস্তুত হোৱাৰ বাবে এন আৰ চিৰ নামত লাখ লাখ ভাৰতীয়ৰ হাৰাশাস্তি সন্মুখীন হৈছে । এন আৰ চিত ৪০ লাখ লোক কেনেকৈ বাদ পৰিল বুলিও প্ৰশ্ন কৰে। লগতে তৰুণ গগৈয়ে কয় যে ৩০ জুলাইত প্ৰকাশ পাবলগীয়া এন আৰ চি খন সম্পূৰ্ণৰূপে শুদ্ধ নহয়, কাৰণ নাগৰিকত্ব সংশোধনি বিধেয়ক খন বিজেপিয়ে আনিব বিচাৰিছে বুলি প্ৰকাশ কৰে সংবাদমেলত।
সংবাদমেলত বিজেপিক কঠোৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । অসমৰ পৰিবৰ্তনৰ নামত কি পৰিৱৰ্তন কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে । লগতে পথেৰে যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হোৱাৰ লগতে বস্তুৰ মূল্য বৃদ্ধি হৈছে আৰু নিবনুৱা সমস্যা বৃদ্ধি হৈছে বুলি প্ৰকাশ কৰে। বিজেপিয়ে কয় এটা আৰু কৰে এটা বুলিও প্ৰকাশ কৰে ।
লগতে লোকসভা নিৰ্বাচনৰ প্ৰসংগ উল্লেখ কৰি কয় যে ইভিএম টেম্পাৰিং নকৰাকৈ এইবাৰ লোকসভাত বিজেপি জিকিব নোৱাৰে |
"নৰেন্দ্ৰ মোদীৰ শনিৰ দশা চলিছে । ২৩ মেত ফলাফল ঘোষণাৰ পিছত বিজেপিৰ বেয়া দিন চলিব বুলিও ভৱিষ্যত বাণী কৰে তৰুণ গগৈয়ে । ভাৰতৰ ৰাইজে এইবাৰ এখন নতুন চৰকাৰ পাব আৰু এই ক্ষেত্ৰত কংগ্ৰেছে বিশেষ ভূমিকা গ্ৰহণ কৰিব কৰিব বুলি প্ৰকাশ কৰে তৰুণ গগৈয়ে ।
কংগ্ৰেছ ক্ষমতালৈ আহিলে অসমৰ দুটাকৈ কাগজ কল এবছৰৰ ভিতৰত পুনৰ কাৰ্যক্ষম কৰা হব আৰু অসমৰ পূৰ্বৰ বিশেষ ৰাজ্যৰ মৰ্য্যদা ঘূৰাই দিয়া হব বুলি প্ৰকাশ কৰে তৰুণ গগৈয়ে ।