Begin typing your search above and press return to search.

পৰীক্ষাৰ কাৰণে লোৱা বিৰতিয়ে প্ৰভাৱ পেলালে ধিং এক্সপ্ৰেছ হিমা দাসৰ অনুশীলনত

পৰীক্ষাৰ কাৰণে লোৱা বিৰতিয়ে প্ৰভাৱ পেলালে ধিং এক্সপ্ৰেছ হিমা দাসৰ অনুশীলনত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Aug 2019 11:56 AM GMT

এথলেটিক্ছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ বিষয় ববীয়াই কয় যে চলিত বৰ্ষৰ আৰম্ভনিতে ফ্ৰেব্ৰুৱাৰী আৰু মাৰ্চ মাহত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে লোৱা ৪৫ দিনৰ বিৰতিৰ কাৰণে ধিং এক্সপ্ৰেছ হিমা দাসে পুনৰ অধিক মনোনিবেশ কৰিব লগীয়া হৈছে ৷ বিভাগীয় কৰ্তৃপক্ষই কয় যে পৰীক্ষাৰ কাৰণে লোৱা বিৰতিয়ে ধিং এক্সপ্ৰেছ হিমা দাসৰ অনুশীলনত বাধাৰ সৃষ্টি কৰিছিল ৷ কিন্তু পৰীক্ষাত বিৰতি লোৱাৰ বাহিৰে পৃথক গত্যন্তৰ নাছিল ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ হিমাই পুনৰ শক্তিশালী সাফল্যৰে উভতি আহিছে ৷তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ স্বৰ্ণপদক লাভ কৰা ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক টুইটাৰ যোগে অভিনন্দন জনালে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰাষ্ট্ৰপতিগৰাকীয়ে অসমীয়া ভাষাতে অভিনন্দন জ্ঞাপন কৰে হিমাক। টুইটাৰযোগে হিমা দাসে নিজৰ এই সফলতাৰ ধাৰা অব্যাহত ৰাখি ২০২০চনৰ অলিম্পিকত ভাৰতৰ বাবে বিজয়বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰে দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

চেক গণৰাজ্যত আন ৫ টা স্বৰ্ণপদক জয় কৰিলে অসম কন্যা হিমাই। পঞ্চমটো পদক ৪০০ মিটাৰ দৌৰত হিমাই অৰ্জন কৰিলে শ্ৰেষ্ঠত্ব। ৫২.০২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি স্বৰ্ণপদক লাভ কৰিলে হিমাই। ইয়াৰ পূৰ্বে মাত্ৰ ১৫ দিনত হিমাই লাভ কৰিছিল চাৰিটাকৈ সোণৰ পদক। চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰাঁ প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমাই। ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যাগৰাকীয়ে অর্জন কৰিছিল স্বৰ্ণপদক।

অনুস্কা শৰ্মাৰ শুভেচ্ছাত প্ৰতিক্ৰিয়া স্বৰ্ণ কন্যা হিমা দাসৰ ৷ বৰ্তমান অসমৰ আটাইতকৈ চৰ্চিত নামটো হৈছে স্বৰ্ণ কন্যা হিমা দাস ৷ ন’হবনো কিয়? ১৯ বছৰীয়া হিমা দাসে ১৯ দিনত পাঁচটাকৈ সোনৰ পদকেৰে দেশৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিছে৷ দৌৰ ৰাণী হিমা কেৱল যে খেলতে পাৰ্গত তেনে নহয় ৷ অসমৰ বানাক্ৰান্তলৈ সাহাৰ্য্য আগবঢ়াই হিমা দাসে মানবীয়তাৰ নিদৰ্শন আগবঢ়াইছে ৷

ইফালে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু সুনাম কঢ়িয়াই অনাৰ পিছত হিমা দাসলৈ শুভকামনা জনাইছে সমাজৰ সকলোলোকে ৷ তাৰ ভিতৰত আছে ৰাজনৈতিক নেতা,অভিনেতা, সমাজ সেৱক সকলো আগশাৰী ব্যক্তিয়ে ৷ ইয়াৰ মাজতে বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী তথা ক্ৰিকেটাৰ বিৰাট কোহলীৰ পত্নী অনুস্কা শৰ্মাই হিমা দাসৰ সাফল্যক শুভেচ্ছা জ্ঞাপন কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক: দেশৰ ক্ৰীড়া প্ৰেমীসকলৰ কাৰণে সুখবৰ: ইণ্ডোনেছিয়াত সোনৰ পদ লাভ মেৰী কমৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Bipasa Hrangkhawal- the first woman air traffic controller of Tripura

Next Story
চাকৰি