ৰঙানদী বান্ধৰে অতিৰিক্ত পানী মুকলি কৰি দিয়াত জলমগ্ন লক্ষিমপুৰ: হাই এলাৰ্ট জাৰি প্ৰশাসনৰ

ৰঙানদী বান্ধৰে অতিৰিক্ত পানী মুকলি কৰি দিয়াত জলমগ্ন লক্ষিমপুৰ: হাই এলাৰ্ট জাৰি প্ৰশাসনৰ

অৰুনাচল প্ৰদেশৰ লগতে উত্তৰ অসমৰ জিলা সমূহত ধাৰাষাৰ বৰষুণ হোৱাৰ ফলত লক্ষিমপুৰ জিলাত বানপানী হোৱা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে ধাৰাষাৰ বৰষুণৰ ফলত ৰঙানদী জল- বিদুৎ প্ৰকল্পৰে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত জলমগ্ন হৈ পৰিছে লক্ষিমপুৰ । হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনৰ |

নিপকোৰ দ্বাৰা পৰিচালিত হয় ৰঙানদী জল বিদুৎ প্ৰকল্প। সোমবাৰে বিয়লি ৩ বজাৰ পৰা ৰঙানদী বান্ধৰ ৪ নম্বৰ গেটেৰে ৩০০০ mm পানী মুকলাই দিছে । সোমবাৰে ১.৪৫ ত ২০০ mm পানী এৰি দিছে। ৰঙানদীৰ উপনদী সমূহৰো পানী ওফন্দি উঠিছে ।

ইয়াৰ পাছতে লক্ষিমপুৰ জিলা প্ৰশাসনে জিলা খনত হাই এলাৰ্ট জাৰি কৰিছে । লক্ষিমপুৰত জিলা উপায়ুক্ত ডঃ জীৱন বি.য়ে ৰঙানদীৰ ওপৰত থকা বাঁহৰ দলঙৰে জনসাধাৰণক যাত্ৰা নকৰিবলৈ কৈছে । যাতে কোনেও জীৱন হেৰুৱা লগা নহয়।

দেওবাৰে ১২:৪৫ ত ৪ নম্বৰ গেটৰে ৩০০mm পানী এৰি দিয়ে , ১ বজাত ৫০০mm , ২ বজাত ৩০০ mm , ৬:৩০ বজাত ২০০mm , ৭.৩০ বজাত ১০০ mm অতিৰিক্ত পানী এৰি দিয়ে। সন্ধিয়া ৭.৪৫ বজাত গেট বন্ধ কৰা হয় । ৭:১৫ বজাৰ পৰা ২৮০০ mm পানী এৰি দিয়াৰ ফলত জলমগ্ন হৈ পৰিছে লক্ষিমপুৰৰ বহুতো গাঁও ।

লক্ষিমপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীৰ ফলত জনসাধাৰণে দুৰ্বিসহ জীৱন অতিবাহিত কৰিব লগা হৈছে । ধেমাজি , নলবাৰী, লক্ষিপুৰৰৰ লগতে বিভিন্ন প্ৰান্তত জলমগ্ন হৈ পৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com