Begin typing your search above and press return to search.

নবেম্বৰৰ আগত অস্বীকৃতি আদেশ লাভ কৰাৰ সম্ভাৱনা সীমিত

নবেম্বৰৰ আগত অস্বীকৃতি আদেশ লাভ কৰাৰ সম্ভাৱনা সীমিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Sep 2019 4:13 AM GMT

নবেম্বৰৰ আগত অস্বীকৃতি আদেশ লাভ কৰাৰ সম্ভাৱনা সীমিত ৷ চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত যিসকল লোকৰ নাম বাদ পৰিছে তেওঁলোকৰ নাম চলিত বৰ্ষৰ নবেম্বৰৰ মাহৰ পূৰ্বতে এনআৰচিত অস্বীকৃতি আদেশ লাভ নকৰে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰো নিশ্চিত নহয় , যে কেতিয়া এনআৰচি বিষয়া ববীয়া সকলে এনআৰচিৰ অস্বীকৃতি আদেশ জাৰি কৰিব। এই আদেশ অস্বীকৃতি প্ৰাপ্ত লোকসকলৰ কাৰণে বহু গুৰুত্বপূৰ্ণ। এই অস্বীকৃতি প্ৰাপ্ত আদেশ লোকসকলৰ কাৰণে বহু গুৰুত্বপূৰ্ণ ৷

কাৰণ ইয়াৰ পিছতহে তেওঁলোকে ১২০ দিনৰ ভিতৰতহে বিদেশী ন্যায়াধীকৰণত আপীল কৰিব পাৰিব ৷ৰাজ্য এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাই ইতিমধ্যে নাগৰিক পঞ্জীকৰণৰ জিলা ৰেজিষ্টাৰ অৰ্থাৎ ডিআৰচিআৰ আৰু উপায়ুক্তসকলক স্পীকিং অৰ্ডাৰ সম্পূৰ্ণ কৰিবলৈ কয় ।এই স্পীকিং অৰ্ডাৰত চলিত বৰ্ষৰ ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণ আছে। অৱশ্যে বৃহৎ সংখ্যক স্বদেশ লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্তি হোৱা নাই।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰে ৷

এনআৰচি প্ৰকাশৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে অসমত এক বৃহৎ সংখ্যক স্বদেশী লোকে ভাৰতীয় বুলি নিজক প্ৰমাণ কৰিবৰ কাৰণে বিদেশী ন্যায়াধীকৰণৰ মজিয়া গৰকিব লগা হৈছে ৷ এনআৰচিত অন্তৰ্ভুক্ত হ’বলৈ অযোগ্য বুলি ঘোষণা কৰা লোকসকলৰ ভিতৰত ১৯ লাখৰ ভিতৰত অধিক লোকেই জনগোষ্ঠীয় লোক ৷ ইফালে বিদেশী ন্যায়াধীকৰণ বিদেশীসকলক চিনাক্ত কৰিবৰ কাৰণে স্থাপন কৰা হৈছে। এনআৰচি প্ৰকাশৰ পিছত বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷বিগত কিছুদিনৰ পৰা দেখা গৈছে যে সংখ্যা লঘূ লোকসকলৰ অঞ্চলত লোকসকল জাগৰণ অনাৰ চেষ্টা কৰি আছে ।

উল্লেখ্য যে ৩১ আগষ্টত প্ৰকাশ পোৱা এনআৰচিৰ পিছত বিভিন্ন দল সংগঠন আৰু লোকসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ইয়াৰ ভিতৰত বিজেপি অসম প্ৰদেশে ইংগিত দিয়ে যে ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক তেওঁলোকে স্বীকাৰ কৰা নাই৷

অন্য খবৰৰ বাবে পঢ়ক: এনআৰচি: আৰজিআইৰ সংশোধিত বাজেটক ১৬০২.৬৬ কোটিলৈ বৃদ্ধি

ভিডিঅ প্ৰতক্ষ্য কৰক:Union Minister DV Sadananda Gowda addresses media in Namrup

Next Story
চাকৰি