Begin typing your search above and press return to search.

বিদেশী প্ৰত্যাবৰ্তনৰ সম্পৰ্কত বাংলাদেশ চৰকাৰৰ সৈতে আলোচনা চলি আছে: কেন্দ্ৰয়ে জনালে উচ্চতম ন্যায়ালয়ক

বিদেশী প্ৰত্যাবৰ্তনৰ সম্পৰ্কত বাংলাদেশ চৰকাৰৰ সৈতে আলোচনা চলি আছে: কেন্দ্ৰয়ে জনালে উচ্চতম ন্যায়ালয়ক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 May 2019 7:52 AM GMT

বৃহস্পতি বাৰে কেন্দ্ৰয়ে উচ্চতম ন্যায়ালয়ক অবগত কৰে যে বিদেশী সকলৰ প্ৰত্যাবৰ্তনৰ সম্পৰ্কত বাংলাদেশ চৰকাৰৰ সৈতে কুটনৈতিক আলোচনা চলি আছে।

ভাৰত আৰু বাংলাদেশ চৰকাৰৰ মাজত দেশৰ অবৈধ বাংলাদেশী সকলক, বিশেষকৈ অসমৰ অবৈধ বাংলাদেশী সকলক বাংলাদেশক ন্যায়িক ভাবে গতাই দিয়াৰ কথা প্ৰকাশ কৰিছে ।

বৃহস্পতি বাৰে উচ্চতম ন্যায়ালয়ে অসমৰ বিভিন্ন স্থানৰ আশ্ৰয় শিবিৰত বহু বছৰ ধৰি থকা অবৈধ বাংলাদেশী সকলৰ প্ৰত্যাবৰ্তনৰ শুনানি গ্ৰহণ কৰিছিল ।

চলিচিটৰ জেনেৰেল তুষাৰ মেহটা ই প্ৰকাশ কৰে যে বাংলাদেশ চৰকাৰৰ সৈতে উচ্চ স্তৰীয় কুটনৈতিক আলোচনা চলি আছে। নিজকে বাংলাদেশী বুলি স্বীকাৰ কৰা সকলক প্ৰত্যাবৰ্তনৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নহয় কিন্তু যি সকলে নিজকে বাংলাদেশী নহয় বুলি প্ৰকাশ কৰে, সেই লোকসকলক প্ৰত্যাবৰ্তনৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হব বুলি প্ৰকাশ কৰে তুষাৰ মেহটায়ে ।

বৃহস্পতি বাৰে শুনানিত এমিকাচ কিউৰিৰ প্ৰশান্ত ভূষনে উচ্চতম ন্যায়ালয়ক জনাই যে যি সকলে আশ্ৰয় শিবিৰত বহু বছৰ ধৰি আশ্ৰয় লৈ আছে, সেই লোকসকলক চৰ্তসাপেক্ষে মুকলি কৰি দিব লাগে । এপেক্স কোৰ্টে প্ৰশান্ত ভূষনৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি প্ৰকাশ কৰে যে আশ্ৰয় শিবিৰৰ পৰা মুকলি হোৱাৰ পিছত এই লোকসকলৰ প্ৰত্যাবৰ্তনৰ দায়িত্ব কোনে লব।

উচ্চতম ন্যায়ালয়ে বৃহস্পতি বাৰে চৰকাৰক আশ্ৰয় শিবিৰত বন্দী হৈ থকা সন্দেহজনক বাংলাদেশী আৰু ডি-ভোটাৰৰ সন্দৰ্ভত বিদেশী ন্যায়াধীশকৰনৰ স্থাপনৰ ক্ষেত্ৰত প্ৰশ্ন কৰে। চৰকাৰে ন্যায়ালয়ক জনাই যে ইতিমধ্যে ২০০ ন্যায়াধীশকৰন স্থাপন কৰা হৈছে আৰু অধিবক্তাক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে । এই সম্পৰ্কত উচ্চতম ন্যায়ালয়ক সবিশেষ তথ্য শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

বৃহস্পতি বাৰৰ শুনানিত আছুৰ নেতাও উপস্থিত থাকে। লগতে প্ৰকাশ কৰে যে চৰ্ত সাপেক্ষে বাংলাদেশক প্ৰত্যাবৰ্তন কৰাটোৱে এটা ভূল মেছেজ দিব ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি