Begin typing your search above and press return to search.

ফেচবুক আৰু উৰাবাতৰিৰ প্ৰচাৰ

ফেচবুক আৰু উৰাবাতৰিৰ প্ৰচাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jun 2019 1:34 PM GMT

বহুতৰ বাবে সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ ছ’চিয়েল মিডিয়াটোৱেই হ’ল ফেচবুক ৷ নিৰ্বাচনৰ সময়ত বিশেষকৈ ফেচবুকে এক উল্লেখযোগ্য ভূমিকা পালন কৰি। এই ভূমিকা ২০১৬ চনৰ ইউ এচ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত আৰম্ভ হৈছিল। কিন্তু ভুল তথ্য আৰু উৰা বাতৰি প্ৰচাৰৰ বাবেও ফেচবুকেই এক লেখত ল’বলগীয়া আহিলা হিচাপে পৰিগণিত হৈ আহিছে। এই ভুল তথ্য আৰু উৰা বাতৰিৰ প্ৰচাৰে সমাজত বহুতো বিদ্বেষ আৰু বিতৰ্কৰ সৃষ্টি হৈছে। এইবোৰ কাৰণতে এই সমস্যাটোৰ সমাধান কৰাটো নিত্যান্তই প্ৰয়োজনীয় হৈ পৰিছে।

ফেছবুকে লোৱা পদক্ষেপসমূহ

সমস্যাটোৰ গভীৰতাৰ ওপৰত লক্ষ্য ৰাখি ফেচবুকে বহুতো উন্নত প্ৰযুক্তি বিদ্যাৰ সহায় লৈ ঋণাত্মক তথ্য সমুহ ফেচবুকৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰিছে ৷ফেচবুকে ভাৰতৰ অন্যান্য ছ’চিয়েল মিডিয়াৰ লগত অংশীদাৰী কৰি তেওঁলোকৰ

শিৰোনামা মন কৰা

বেছিভাগ ভুল তথ্য বা বাতৰিৰে শিৰোনামা বোৰ বেছিয়ে আকৰ্ষনীয় বা আমোদ জনক হয় যাতে ই সহজে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে ৷

উৎস পৰীক্ষা কৰা

বাতৰি বা তথ্যটোৰ উৎসুক গুৰুত্বসহকাৰে পৰীক্ষা কৰা ৷

তাৰিখ পৰীক্ষা কৰা

বেছিভাগ ভুল তথ্য বা বাতৰিৰে কোনো নিৰ্দিষ্ট আৰু শুদ্ধ তাৰিখ নাথাকে ৷

মিছা আলোকচিত্ৰ

ভুল তথ্য বা বাতৰিৰ লগত কিছুমান আকৰ্ষনীয় আৰু মিছা আলোকচিত্ৰ থাকে ৷

ফেছবুকে ইতিমধ্যে এই তালিকাখন প্ৰস্তুত কৰিছে ৷আমি সকলোৱে এই খিনি ভালদৰে মানি চলিব লাগে ৷ফেছবুকে এই প্ৰচেষ্টা যোৱা বছৰেই আৰম্ভ কৰিছিল ।বৰ্তমান ফেছবুকত আপুনি সহজেই প্ৰকৃত তথ্য বা বাতৰি বিচাৰি পাব ৷ফেচবুকে আন্তঃৰাষ্ট্ৰীয় খবৰবোৰ পোৱাটো সহায় কৰে ৷ যিহেতু তেওঁলোকে সাধাৰণতে সত্য আৰু প্ৰকৃত বাতৰিহে প্ৰকাাশ কৰে ।মিছা আৰু বিপদ ঘটাব পৰা তথ্যবোৰে বিভিন্ন ধৰণেৰে প্ৰকাশ হয় ।ফেচবুকে এইবোৰ বন্ধ কৰিবলৈ কিছুমান পন্থা হাতত লৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক : ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ সময়ত ভূৱা তথ্য আৰু উৰাবাতৰিৰ বিৰুদ্ধে প্ৰস্তুতি

Next Story
চাকৰি