তিনিচুকীয়া, হাফলঙত ফেনিৰ প্ৰভাৱ: ধাৰাষাৰ বৰষুণ

তিনিচুকীয়া, হাফলঙত ফেনিৰ প্ৰভাৱ: ধাৰাষাৰ বৰষুণ

ফেনি ঘূৰ্ণি বতাহৰ প্ৰভাৱত অসমৰ বিভিন্ন প্ৰান্তত আগতীয়াকৈ ধাৰাষাৰ বৰষুণ আৰু গৰাখহনীয়া আৰম্ভ হৈছে ।

২৯ এপ্ৰিলৰ পৰা একেৰাহে বৰষুণ হৈ আছে অসমত। অসম আৰু অৰুণাচল প্ৰদেশত একেৰাহে ধাৰাষাৰ বৰষুণ হৈ থকাৰ ফলত তিনিচুকীয়া জিলাত বানপানীৰ সৃষ্টি হৈছে ।

ৰাজ্য চৰকাৰে আশ্ৰয় শিবিৰৰ ব্যবস্থা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে । তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ খণ্ডৰ অন্তৰ্গত প্ৰায় ২৭৭ লোক ক্ষতিগ্ৰস্থ হৈছে ।এচ ডি আৰ এফে ৰাজহ চক্ৰটোত উদ্ধাৰ অভিযানৰ কাৰনে নাওঁৰ ব্যবস্থা কৰা কৰিছে।

ডিমা হাছাও জিলাত গৰাখহনীয়া আৰম্ভ হৈছে । অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰিছে যে গৰাখহনীয়াৰ ফলত হাফলং-শিলচৰ পথত বন্ধ হৈ পৰিছে । লগতে জিলাখনত খংচাই পথ, খানাবষ্টি পথ, মহাদেবতিলা পথ আৰু চংপিজাঙ পথ বন্ধ হৈ পৰে । হাফলং ৰাজহ চক্ৰৰ প্ৰায় ১৫০ টা বাসগৃহ ধ্বংস হোৱাৰ লগতে ৭৫ টা বাসগৃহও আংশিকভাৱে ক্ষতিগ্ৰস্থ হৈছে |

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com