Begin typing your search above and press return to search.

জাপানত মহিলা কৰ্মচাৰীয়ে কৰ্মস্থলীত হাই হীল পৰিধান কৰাটো বাধ্যতামুলক

জাপানত মহিলা কৰ্মচাৰীয়ে কৰ্মস্থলীত হাই হীল পৰিধান কৰাটো বাধ্যতামুলক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jun 2019 11:45 AM GMT

জাপানত মহিলা কৰ্মচাৰীয়ে কৰ্মস্থলীত হাই হীল পৰিধান কৰাটো বাধ্যতা মুলক । এই পদ্ধতিৰ সলনি নহয় বুলি প্ৰকাশ কৰে । এই ব্যৱস্থাত অসন্তুষ্টি প্ৰকাশ কৰিছে কিছুসংখ্যক মহিলা কৰ্মচাৰীয়ে অভিযোগ উত্থাপন কৰিছিল যদিও জাপানৰ স্বাস্থ্য আৰু শ্ৰমিক মন্ত্ৰীয়ে এই অভিযোগ প্ৰত্যাখ্যান কৰি হাই হীল পৰিধান কৰাটো বাধ্যতামুলক ঘোষণা কৰে ।

উল্লেখ যে কৰ্মস্থলীত হাই হীল পৰিধান কৰাটো বাধ্যতামুলক কৰাৰ বিৰুদ্ধে একাংশ মহিলা কৰ্মচাৰীৰে আবেদন দাখিল কৰিছিল আৰু মন্ত্ৰী তাকুমি নেমট' ক এই সন্দৰ্ভত ব্যবস্থা গ্ৰহণ কৰিবলৈ আবেদন কৰিছিল । এই আবেদন খনত জাপান চৰকাৰে কৰ্মস্থলীত মহিলা সকলে হাই হীল পৰিধান কৰাটো বন্ধ কৰিবলৈ আহ্বান জনাইছিল ।

নেমট'য়ে প্ৰকাশ কৰে যে, এইটো সামাজিক ভাৱে গ্ৰহণ যোগ্য আৰু প্ৰয়োজনীয় আৰু সঠিক বুলি । অভিনেত্ৰী আৰু ফ্ৰিলেঞ্চ লেখক য়ুমি ইচিকাৱায়ে এই আন্দোলনটো আৰম্ভ কৰিছিল আৰু হাজাৰ হাজাৰ সমৰ্থকক লাভ কৰে । হাজাৰ হাজাৰ সমৰ্থক থকাৰ পাছতো জাপানৰ চৰকাৰে কৰ্মস্থলীত হাই হীল পৰিধান কৰাটো বাধ্যতামুলক হিচাপে অব্যাহত ৰাখে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি