Begin typing your search above and press return to search.

উত্তৰ গুৱাহাটীৰ লগতে অসমৰ অন্যান্য প্ৰান্তত ফেৰী সেৱা আৰম্ভ

উত্তৰ গুৱাহাটীৰ লগতে অসমৰ অন্যান্য প্ৰান্তত ফেৰী সেৱা আৰম্ভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2019 9:18 AM GMT

উত্তৰ গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত দুদিনৰ পাছত আজিৰ পৰা ফেৰী সেৱা আৰম্ভ হৈছে । ফেনি ঘূৰ্ণি বতাহৰ বাবে ৪ আৰু ৫ মেত হাই এলাৰ্ট জাৰি কৰাৰ বাবে ফেৰী সেৱা বাতিল কৰা হৈছিল ।

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী ফেৰী সেৱাৰ লগতে , মাজুলী, ধুবুৰী, বৰাকতো আজিৰ পৰা ফেৰী সেৱা আৰম্ভ কৰা হৈছে । গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীঘাট বাঢ়নী পানীয়ে বিধ্বস্ত কৰিছিল । আজিৰ পৰা ঘাটৰ পুনৰ নিৰ্মাণৰ পিছত আৰম্ভ কৰিছে ফেৰী চলাচল । ৪ আৰু ৫ মে ত ফেনি ঘূৰ্ণি বতাহৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননীৰ পাছত কামৰূপ জিলা প্ৰশাসনে ফেৰী সেৱা বাতিল কৰিছিল ।

ভূৱেনেশ্বৰত আবদ্ধ হৈ আছে নলবাৰীৰ ১৫০ জনীয়া তীৰ্থ যাত্ৰীৰ দল । ধুমুহাৰ ফলত বিকল হৈ পৰা এ টি এমত পৰ্যাপ্ত পৰিমাণৰ ধন নথকাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে ।

আনহাতে ফেনি ঘূৰ্ণি বতাহৰ বাবে পুৰীত আবদ্ধ হৈ পৰা বাইহাতা চাৰিআলিৰ এটা তীৰ্থ যাত্ৰীৰ দল নিৰাপদে অসমত আহি উপস্থিত হৈছেহি।

উৰিষ্যাৰ চৰকাৰী বিষয়ায়ে প্ৰকাশ কৰে যে ক্ষতিগ্ৰস্থ লোকসকলক প্ৰশাসনে খাদ্য আৰু খোৱা পানী ৰ যোগান ধৰিছে । উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে পুৰীৰ লগতে অন্যান্য প্ৰান্তৰ ক্ষতিগ্ৰস্থ লোকসকলক ৰিলিফ পেকেজ দিয়াৰ লগতে ৫০ কেজি চাউল, ২০০০ টকা এফ এচ এৰ অধিনত পলঠিন দিয়া হয়।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি