Begin typing your search above and press return to search.

জলস্তৰ হ্ৰাস পোৱাৰ পিছত পুনৰ গুৱাহাটীত ফেৰী সেৱা আৰম্ভ

জলস্তৰ হ্ৰাস পোৱাৰ পিছত পুনৰ গুৱাহাটীত ফেৰী সেৱা আৰম্ভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2019 9:32 AM GMT

জলস্তৰ হ্ৰাস পোৱাৰ পিছত পুনৰ গুৱাহাটীত ফেৰী সেৱা আৰম্ভ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ কিছু পৰিমাণে হ্ৰাস পোৱা পিছত পুনৰ ফেৰী সেৱা মুকলি কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷ ৰাজ্যৰ আভ্যন্তৰীন জল পৰিবহন বিভাগৰ এক নিৰ্দেশ অনুসৰি পৰিবহন বিভাগে নিজৰ সেৱাসমূহ আৰম্ভ কৰিছে ৷আৰু সোমবাৰে মধ্যম খাণ্ডা ফেৰী সেৱাৰ ১২ টা ট্ৰিপ সফলতাৰে সম্পন্ন হয়। অৱশ্যে নিশালৈ দুটা ফেৰী সেৱা বন্ধ কৰি দিয়া হয়।

গুৱাহাটী মধ্যম খণ্ডাৰ এজন কৰ্মচাৰী প্ৰবোধ শৰ্মাই কয় যে পুৱা সাত বজাৰ পৰা ফেৰী সেৱা আৰম্ভ কৰা হৈছে আৰু বিয়লি ৬ বজালৈকে এই ফেৰী সেৱা অব্যাহত থাকিব ৷ কাৰণ জলস্তৰ সম্প্ৰতি বিপদসীমাৰ তললৈ অতিক্ৰম কৰিছে। ইয়াৰোপৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে বানে প্ৰভাৱিত অঞ্চলসমূহত বিভিন্ন ধৰণৰ ঔষধ বিতৰণ কৰা আৰু তেজৰ পৰীক্ষা কৰা কামসমূহ অব্যাহত ৰাখিছে।

আনহাতে যোৰহাটৰ জিলা প্ৰশাসনে বানে প্ৰভাৱিত কৰা অঞ্চলসমূহত চাউল,দাইল,তেল আৰু নিমখ বিতৰণৰ কাম হাতত লৈছে ।জিলাখনত ভোগদৈ নদীয়ে প্ৰায় ২০ খন গাঁৱৰ প্ৰায় ৬০০০ লোকক বানে প্ৰভাৱিত কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: পৰ্যটকৰ সুবিধাৰ্থে মাজুলীত নতুন ফেৰী সেৱা

Next Story
চাকৰি