Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাৰ এক ভিডিঅ'

নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাৰ এক ভিডিঅ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Dec 2019 8:01 AM GMT

নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাৰ এক ভিডিঅ'।ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে নিজস্ব সৃষ্টিৰে বিস্তৃত্বভাবে ব্যাখ্যা আগবঢ়াইছে এটি ভিডিঅ'ৰ জৰিয়তে ।

১৯৮০ চনত বিদেশী বিৰোধী যিধৰনৰ ভাবাদৰ্শৰ কথা কোৱা কৈছিল এই জাতিধ্বংসী আইনখন কায্যকৰী হ'লে অসমত বসবাস কৰা লোক সকসকল অৰ্থাৎ অসমৰ অস্তিত্বত কি ধৰনে আঘাত সানিব সেই কথা এটি ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰে ।

জাহ্নু বৰুৱাই নাগৰিকত্ব সংশোধনী আইনখন কিয় গ্ৰহনযোগ্য নহয় সেই বিষয়ত এটি ভিডিঅ' প্ৰস্তুত কৰি নিজৰ অফিচিয়েল পেজত আপলোড কৰে । তেওঁ সেই ভিডিঅ'টোত স্পষ্ট ভাবে ১৯৭১ চনৰ পৰা অসমীয়া আৰু বাংলাভাষা কোৱা লোকৰ ওপৰত এক প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে । ভিডিঅ'টোত দেখুওৱা হৈছে ১৯৭১ চনত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা আছিল ৬০.৮৮ শতাংশ আৰু ২০২১ চনত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হয়গৈ ৪৮.৮১ শতাংশ , এই সময়ছোৱাত ১২শতাংশ অসমীয়া কোৱা লোকৰ সংখ্যা কমি যায় আৰু সেই একেই সময়ত বাংলাভাষা কোৱা লোকৰ সংখ্যা বাঢ়ি যায় । ১৯৭১ চনত অসমত বাংলাভাষা কোৱা লোকৰ সংখ্যা আছিল ১৯.৭১ শতাংশ ,আৰু ২০০১ চনৰ সমীক্ষা অনুসৰি অসমত বাংলা ভাষা কোৱা লোকৰ সংখ্যা ২৭.৫৫ শতাংশলৈ বৃদ্ধি পায় ।উক্ত সময়ছোৱাত ৮ শতাংশ বাংলা ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি পায় । অসমে যে ইতিমধ্যে ২০ লাখ প্ৰৱজনকৰীক ৰক্ষনাবেক্ষন দিছে ,সেই কথা জাহ্নু বৰুৱাই ভিডিঅ' টোৰ জৰিয়তে দেখুৱাবলৈ প্ৰয়াস কৰিছে ।

চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই এই ভিডিঅ'টোৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছে যে "অতীজৰে পৰা অসমৰ মানুহে সোহাদ্যপুৰ্ণ ভাবে একলগ হৈ স্বদেশীয় লোকৰ স'তে বসবাস কৰি আছে । আমি আমাৰ পৰিচয় তথা অস্তিত্বক লৈ গৌৰৱ অনুভৱ কৰো "।

কিন্তু দুৰ্ভাগ্যবশতঃ চৰকাৰে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ আমাৰ অস্তিত্বত ভাবুকিৰ সৃষ্টি কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক : ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ কা- বাতিল কাৰাৰুদ্ধ নেতাক মুক্তিৰ দাবীত প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: Anti-CAA protests: AASU and Artistes Society of Assam jointly conducts protest meeting in Sualkuchi

Next Story
চাকৰি