অবসৰপ্ৰাপ্ত আই এ এছ বিষয়াৰ বিশেষ ভাট্টাৰ সুবিধা থাকিব নালাগে: বিত্ত বিভাগ

অবসৰপ্ৰাপ্ত আই এ এছ বিষয়াৰ বিশেষ ভাট্টাৰ সুবিধা থাকিব নালাগে: বিত্ত বিভাগ

অবসৰপ্ৰাপ্ত আই এ এচ বিষয়াৰ ভাট্টাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্যিক বিত্ত বিভাগে বিভাগীয় কতৃপক্ষলৈ প্ৰাক্তন বিষয়া সকলৰ বিশেষ ভাট্টাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ এক স্মাৰক ( office Memorandum) পত্ৰ প্ৰেৰণ কৰিছে ।

এই স্মাৰক পত্ৰ খন বিত্ত বিভাগৰ মুখ্য সচিব সমিৰ কুমাৰ সিনহায়ে ২০১৯ চনৰ ২৯ জুনত জাৰি কৰিছিল। স্মাৰক পত্ৰ খনত উল্লেখ কৰা হৈছে যে, ২০০৯ চনৰ আগলৈকে অসমত নিযুক্তি দিয়া আই এ এচ বিষয়া সকলে বিশেষ দায়িত্ব ভাট্টা মুঠ ৭২.৫ শতাংশ লাভ কৰিছিল ।

এই আদেশত উল্লেখ কৰা আছে যে , উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত নিদিষ্ট সীমাবদ্ধতা আৰু কঠিন পৰিষ্ঠিতিৰ মাজত ভাৰতীয় প্ৰশাসনিক বিষয়া সকলে কৰ্তব্য কৰিব লগা হয় । ২০০৯ চনত কেন্দ্ৰয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে, উত্তৰ পূৰ্বাঞ্চলৰ কৰ্তব্যত নিয়োজিত আই এ এছ বিষয়া সকলক বিশেষ ভাট্টা প্ৰদান কৰা হব। আন ৰাজ্যৰ আই এ এছ বিষয়া সকলতকৈ ২৫ শতাংশ অধিক ভাট্টা প্ৰদান কৰা হয়। সেয়েহে ২০০৯ চনৰ পৰা বিশেষ কৰ্তব্য ভাট্টা বেছিক পেতকৈ ৩৭.৫ শতাংশ হয় ।

সপ্তম দৰমহা আয়োগৰ মতেও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত কৰ্তব্যত নিয়োজিত আই এ এচ বিষয়া সকলৰ বিশেষ দায়িত্বত বেছিক পেতকৈ ৩০ শতাংশ বৃদ্ধি কৰা হয় ।

স্মাৰক পত্ৰ খনত উল্লেখ কৰা হয় যে, অসমত যিসকলক অসমত নিযুক্তি দিয়া হয় আৰু কৰ্তব্যত কৰে, সেই সকলক এই বিশেষ আৰ্থিক সুবিধা, বিশেষ দায়িত্বৰ ভাট্টা প্ৰদান কৰা হয়।

" অবসৰ প্ৰাপ্ত আই এ এছ বিষয়া , যি সকলে ভলন্টেৰি অবসৰ গ্ৰহণ কৰে সেই সকলে এই সুবিধা লাভ কৰিব নালাগে বুলি স্মাৰক পত্ৰ খনত উল্লেখ আছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com