ভাৰতৰ পুৰণি পৰম্পৰাক ভংগ কৰি বহী খাতাৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

ভাৰতৰ পুৰণি পৰম্পৰাক ভংগ কৰি বহী খাতাৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

ভাৰতৰ পুৰণি পৰম্পৰাক ভংগ কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন ব্ৰীফকেছৰ পৰিৱৰ্তে এটি ৰঙা মোনাত বাজেট লৈ উপস্থিত হ’ল সংসদত ৷ লগতে পৰিৱৰ্তন হ’ল কেন্দ্ৰীয় বাজেটৰ নাম ৷ উপস্থিত হৈয়ে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেটক নিউ ইণ্ডিয়াৰ বহী খাতা বুলি উল্লেখ কৰিলে ৷ ইফালে ব্ৰিফ কেছৰ পৰিৱৰ্তে ৰঙা মোনাত বাজেট লৈ অহাৰ প্ৰসংগত অৰ্থনৈতিক উপদেষ্টা কৃষ্ণমূৰ্তি সুব্ৰমণিয়ামে কয় যে এইয়া হৈছে ভাৰতীয় পৰম্পৰা ৷ পাশ্চাত্যৰ পৰা মুকলি হৈ অহাৰ প্ৰতীক ৷ এইখন বাজেট নহয় ৷বহী খাতাহে ৷

বাজেট ভাষণৰ আৰম্ভনিতে বিত্তমন্ত্ৰী নিৰ্মলা সীতা ৰমনে কয় যে এইবাৰ জনতাই একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছে ৷ প্ৰথমবাৰ মহিলা,যুৱ প্ৰজন্ম আৰু বয়োজ্যেষ্ঠ্যসকলে ভাল কাম কৰা চৰকাৰৰ ওপৰত ভৰসা কাৰিছে ৷ইফালে সংসদত বাজেট উত্থাপন কৰি বিত্ত মন্ত্ৰী নিৰ্মলা সীতা ৰমনে কয় যে দেশ সম্প্ৰতি চৌকাৰ ধোৱাঁৰ পৰা মুক্ত হৈছে ৷ দেশত আন্তঃগাঁথনিৰ ওপৰত অধিক গুৰুত্ব দিয়া প্ৰয়োজন ৷ ভাৰতত সম্প্ৰতি নিয়োগৰ সৃষ্টি হৈছে ৷ উড়ান আঁচনিৰ দ্বাৰা সৰু সৰু চহৰে বিমান সেৱা লাভ কৰিছে ৷

সম্প্ৰতি দেশত গাঁও আৰু চহৰৰ পাৰ্থক্য হ্ৰাস কৰি অনা হৈছে বুলি মন্তব্য কৰে বিত্ত মন্ত্ৰী সীতাৰমণে ৷ ২১০ কিঃমিঃ অতিৰিক্ত মেট্টং লাইন নিৰ্মাণ হৈছে ৷ ৰেল বিভাগৰ উন্নয়নৰ কাৰণে প্ৰায় ৫০ লাখ কোটিৰ প্ৰয়োজন বুলি মন্তব্য কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ৷ জল পৰিবহন আৰু উন্নত হোৱাৰ কথাও উল্লেখ কৰে সীতাৰমণে ৷দেশৰ সবাতোকৈ চৰ্চিত বিদ্যুৎ বিভাগৰ প্ৰসংগত বিত্ত মন্ত্ৰী গৰাকীয়ে কয় যে ২০২০ চনলৈকে প্ৰতিঘৰত বিজুলী, গেছ আৰু খোৱাপানীৰ সংযোগ কৰা হ’ব ৷

আৰ্থিকভাৱে দুৰ্বল লোকসকলক বাস গৃহ নিৰ্মাণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় ১১৪ দিনত চৰকাৰে ঘৰ নিৰ্মাণ কৰি দিছে ৷ দুখীয়াক ১.৯২ কোটি ঘৰ দিয়া হ’ব৷ অন্যহাতে এইবাৰ বাজেটৰ কেন্দ্ৰ বিন্দু হৈছে গাঁও,দুখীয়ালোকসকল আৰু কৃষক ৷ সীতাৰমনে পথ নিৰ্মাণ প্ৰসংগত কয় যে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অন্তৰ্গতত প্ৰতি দিনে ১৩০-১৩৫ কিলো’মিটাৰ পথ নিৰ্মাণ হৈ আছে ৷ লগতে সংসদত দেশত ক্ৰমাৎ বৃদ্ধি পায় অহা প্ৰদূষণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া নিৰ্মলা সীতা ৰমনৰ ৷

দেশখনক প্ৰদূষণ মুক্ত হিছাপে গঢ়াৰ লক্ষ্য নিৰ্মলা সীতা ৰমনৰ৷ইফালে অনাগত বছৰৰ ভিতৰত ভাৰতক ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ কৰাৰ লক্ষ্য সন্দৰ্ভত মন্তব্য সীতাৰমনৰ ৷ বাজেটত বিত্ত মন্ত্ৰীয়ে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপনৰ কাৰণে ৫৯ মিনিটত ঋণৰ মঞ্জুৰী দিয়া হ’ব বুলি উল্লেখ কৰে। লগতে ৩ কোটিতকৈ ক্ষুদ্ৰ ব্যৱসায়ীক পেঞ্চন দিয়াৰ কথাও উল্লেখ কৰে ।

ইফালে উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈ ৪০০ কোটি টকাৰ সাহাৰ্য প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ বিদেশী ছাত্ৰৰ কাৰণে ষ্টাডী ইন ইণ্ডিয়া প্ৰ’গ্ৰামৰ ব্যৱস্থা হ’ব ৷লগতে মহিলা সকলৰ বাবে বিশেষ পদক্ষেপ বাজেটত ৷ মহিলাৰ বাবে পৃথকে এক লাখ টকাৰ লোণৰ ব্যৱস্থা কৰা হ’ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com