Begin typing your search above and press return to search.

বৰঝাৰ বিমানবন্দৰ পৰা যাত্ৰা প্ৰথমটো উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰী দলৰ

বৰঝাৰ বিমানবন্দৰ পৰা যাত্ৰা প্ৰথমটো উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰী দলৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 July 2019 8:53 AM GMT

লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰা এয়াৰ ইণ্ডিয়া বিমানৰ যোগেদি বৃহস্পতিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হজযাত্ৰী দলে যাত্ৰা কৰে। প্ৰথমটো যাত্ৰাত ১৫০ গৰাকী হজ যাত্ৰীয়ে যাত্ৰা কৰে ।

প্ৰত্যেক বছৰৰ দৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ে মুকলি কৰে বৰঝাৰ বিমানবন্দৰত । হজযাত্ৰী সকলক সহায়ৰ বাবে প্ৰায় ২০০ সহায়ক নিয়োগ কৰা হৈছে । নেকিবুৰ জামানে হজযাত্ৰী সকলৰ বাছ বৰঝাৰ বিমানবন্দত ফ্লেগ অফ কৰে। বৃহস্পতি বাৰৰ পৰা ১৭ জুলাইলৈকে যাত্ৰা কৰে । ১৫ জুলাইত দুখন বিমানৰ ব্যবস্থা কৰিছে ।

হজযাত্ৰীসকলৰ পৰিচৰ্যাৰ বাবে যাব ১৮জন খাদীমূল হোজ্জা। হাজী মুছফিৰ খানাত হজযাত্ৰীসকলৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এইবছৰ উত্তৰ–পূবৰ পৰা হজলৈ যাব মুঠ ৩,৫৯৪ জন যাত্ৰী। অসমৰ পৰা ৩,৫১৫ গৰাকী, মেঘালয়ৰ পৰা ৫৫ গৰাকী, নাগালেণ্ডৰ পৰা ২২ গৰাকী আৰু অৰুণাচলৰ পৰা যাব ৪গৰাকী যাত্ৰী। হজযাত্ৰীসকলৰ ভিতৰত আছে ২,৪৩২ গৰাকী পুৰুষ আৰু ১,১৬২ গৰাকী মহিলা। কলকাতাৰ পৰাও পৃথকে উত্তৰ–পূবৰ ৬০০ যাত্ৰী যাব হজলৈ।

হজযাত্ৰীসকলোৰ যাতে কোনোধৰণৰ অসুবিধা নহয় তাৰবাবে নজৰ ৰাখিছে বিমানবন্দৰ কৰ্তৃপক্ষৰ লগতে প্ৰশাসনে। নিৰাপত্তাৰ দিশতো যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায় তাৰ প্ৰতি নজৰ ৰাখিছে আৰক্ষী-প্ৰশাসনে।আনহাতে,হজযাত্ৰীৰ এই শিবিৰটো পৰিদৰ্শন কৰে গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰে। হজযাত্ৰীৰ এই অস্থায়ী শিবিৰ পৰিদৰ্শন কৰি আৰক্ষী প্ৰশাসনৰ সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্তব্য কৰে।

অধিক খবৰৰ বাবে পঢ়ক :বৰঝাৰ বিমানবন্দৰত উপস্থিত মিষ্টাৰ ইউনিভাৰ্ছ আৰু প্ৰ’মিষ্টাৰ এছিয়া ২০১৮ৰ চেম্পিয়ন গোলাপ ৰাভা

Next Story
চাকৰি