গুৱাহাটী ৰেলৱে ষ্টেচনত আৰ পি এফে আটক কৰে ৫ জন সন্দেহজনক ৰহিংগীয়াক

গুৱাহাটী ৰেলৱে ষ্টেচনত আৰ পি এফে আটক কৰে ৫ জন সন্দেহজনক ৰহিংগীয়াক

আজি গুৱাহাটী ৰে'লৱে ষ্টেচনত আৰ পি এফে ৫ জনকৈ সন্দেহজনক ৰহিংগীয়াক আটক কৰে। পুৱা প্ৰায় ৯ বজাত আটক কৰে এই সন্দেহজনক ৰহিংগীয়াক।

জি আৰ পিয়ে প্ৰকাশ কৰা তথ্য মতে সন্দেহজনক ৫ জন ৰহিংগীয়ায়ে নতুন দিল্লীলৈ যাবলৈ লওঁতেই গুৱাহাটী ৰে'লৱে ষ্টেচনৰ ১ নং প্লেটফৰ্মৰ পৰা আটক কৰে আৰ পি এফে । ব্যক্তি কেইজনে কিছু আপত্তি জনক সামগ্ৰীসহ মনিপুৰৰ পৰা আহিছিল । বহুতো চিগাৰেটৰ পেকেট, কফি পেকেট আদি লোককেইজনৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে ।

লোককেইজনক আটক কৰি গুৱাহাটী জি আৰ পি এচক গটাই দিয়া হৈছে ইতিমধ্যে । লগতে বিদেশী আইনৰ অধীনত গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে বুলি প্ৰকাশ কৰে ।

আটকাধীন সন্দেহজনক ৰহিংগীয়া কেইজনক হৈছে ম্যানমাৰৰ বুথইদাঙৰ মহম্মদ চবিকৰ পত্নী আৰফা, মহম্মদ জুবেৰ, কামাল হুছেইন , মহম্মদ নুৰুল হাকিম, মহম্মদ কালিমুল্লাহ । এই আটাইকেইজন ব্যক্তি ম্যানমাৰৰ ।

জি আৰ পিৰ বিষয়ায়ে প্ৰকাশ কৰে যে ," ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰা হৈছে । কিছুমান আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। আধাৰ কাৰ্ডকে ধৰি আন সামগ্ৰী জব্দ কৰিছে । তেওঁলোকৰ নাগৰিকত্ব সন্দৰ্ভত এতিয়াই সঠিক ভাৱে কব পৰা নাযায় যদিও তেওঁলোক ৰহিংগীয়া বুলি সন্দেহ প্ৰকাশ কৰিছে । জি আৰ পিয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com