ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫ জনলৈ বৃদ্ধি

ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫ জনলৈ বৃদ্ধি

বিগত ২৪ ঘন্টাত বানপানীত মৃত্যু হোৱা পাঁচজন লোকৰ লগতে ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫ জনলৈ বৃদ্ধি হৈছে। ইয়াৰোপৰি ভূমিস্খলনত মৃত্যু হৈছে ২ জন লোকৰ ৷ৰাজ্যপাল জগদীশ মুখীয়ে দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ বানত হোৱা ক্ষতিৰ সমীক্ষা কৰে ৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ১৫৫ চেন্টিমিটাৰ পানী হ্ৰাস হোৱাৰ তথ্য বিভাগীয় কৰ্তৃপক্ষই দিছে ।

সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ১৮২ টা বন্য প্ৰাণীয়ে মৃত্যু বৰণ কৰিছে। ইয়াৰ মাজতে ৰাজ্যৰ নদীসমূহৰ পানী কিছু পৰিমাণে হ্ৰাস পাইছে।বিগত দিনত ব্ৰহ্মপুত্ৰ, যোৰহাটৰ নিমাতীঘাটৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছিল ৷ শোনিতপুৰৰ এন টি ৰডৰ জিয়া ভৰালী আৰু নগাঁৱৰ ধৰমতুলত কপিলীও বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

ৰাজ্যৰ প্ৰায় ১৮ খন জিলাৰ ৬৫ টা ৰাজহ চক্ৰৰ ২৬৬৯ খন গাঁৱৰ ৩৮,৩৭,৩৫৪ জন লোক বানত প্ৰভাৱিত হৈছে ৷ ইয়াৰে ১,১৫,৩৮৯ জন লোক ৬৫৮ টা শিবিৰত আশ্ৰয় লৈছে ৷ বানত প্ৰভাৱিত জিলা সমূহৰ ভিতৰত আছে ধেমাজী,বিশ্বনাথ,দৰং, বৰপেটা,নলবাৰী, চিৰাংগ,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী, দক্ষিণ শালমৰা,গোৱালপাৰা,কামৰুপ,কামৰূপ মেট্ৰ’,মৰিগাঁও,নগাঁও,গোলঘাট,যোৰহাট আৰু কাছাৰ ৷বানত প্ৰভাৱিত কৃষি ভিতৰত আছে ১,৩৫,২২৬.৬৭ হেক্টৰ ভূমি ৷

দ্বিতীয়তে অসমৰ দুৰ্যোগ ব্যবস্থাপনা বিভাগে এটি সংবাদ বিজ্ঞপ্তিত কয় যে ৬২ জন্তু পানীত উটি গ’ল ৷ ইয়াৰে কামৰূপত ৫৫ টা আৰু দৰং জিলাত ৭ টা ৷ ইফালে ২৫১ টা বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতি হৈছে। লগতে ২৬৮০ টা গৃহ আংশিকভাৱে ক্ষতি হোৱাৰ তথ্য পোৱা গৈছে ৷ আনহাতে উদালগুৰি জিলাৰ বহু স্থানত গৰাখহনীয়াৰ খবৰ পোৱা গৈছে। বঙাইগাঁৱৰ বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গতত ১৫ টা পৰিয়াল গৰাখহনীয়াৰ কবলত পৰিছে ৷

যোৰহাট,দৰং,আৰু বিশ্বনাথত নদীৰ বান্ধ ক্ষতিগ্ৰস্ত হৈছে। বৰপেটা,দৰং, হাইলাকান্দী,কাছাৰ, ধুবুৰী,উদালগুৰি আৰু দক্ষিণ শালমাৰাত পথসমূহ ক্ষতিগ্ৰস্ত হৈ গৈছে ৷বৰপেটা আৰু শোনিতপুৰ আৰু কাছাৰত দলঙসমূহ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে ৷ ইফালে এনডীআৰএফ, এছডীআৰএফ,সেনা আৰু প্ৰশাসনৰ বহু লোকসকলে বানাক্ৰান্তৰ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে৷\

উল্লেখ্য যে বান পৰিস্থিতিয়ে ক্ৰমশঃ জটিল ৰূপ ধাৰন কৰাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় চৰকাৰৰ নিটি আয়োগক স্মাৰন পত্ৰ প্ৰদান কৰি অসমলৈ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছিল। ইফালে প্ৰধানমন্ত্ৰীয়ে ২০১৭ চনতে অসমত বান খহনীয়া পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে পোষকতা কৰিছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com