Begin typing your search above and press return to search.

অসমৰ হস্ততাঁত শিল্প পদৰ্শনৰে এফ এন ডি চিৰ ফেছন শ্ব"

অসমৰ হস্ততাঁত শিল্প পদৰ্শনৰে এফ এন ডি চিৰ ফেছন শ্ব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Aug 2019 8:59 AM GMT

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল ফেছন আৰু ডিজাইন পৰিষদে অসমৰ হস্ততাঁত শিপিনী সকলে প্ৰস্তুত কৰি উলিওৱা পোছাক পদৰ্শনৰে এক ফেছন শ্ব আয়োজন কৰিছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত সাজ পাৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ এই পদক্ষেপ আয়োজন কৰে বুলি প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সাজ পাৰ পৰিধান কৰা পৰিলক্ষিত হয় মডেল কেইগৰাকীক । উল্লেখযোগ্য যে, এই অনুষ্ঠানটোৱে যোৱা কেইবা বছৰ ধৰি আমেৰিকা, মধ্য পূৰ্বাঞ্চলৰ লগতে বিভিন্ন প্ৰান্তত "লেকমি ফেছন উইক" ত বিশ্বৰ দৰবাৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত সাজ-পাৰ পদৰ্শন কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় বজাৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত সাজ-পাৰ , এৰি -মুগা-পাট আদিয়ে যথেষ্ট সমাদৰ লাভ কৰিছে ।

চলিত বৰ্ষত , "হস্ততাঁত উইক"ত ৬ গৰাকী ডিজাইনৰে অসমৰ থলুৱা সামগ্ৰী আৰু থলুৱা ডিজাইন পদৰ্শনৰে আয়োজন কৰা হৈছিল । ৬ গৰাকী ডিজাইনৰ নাম হৈছে অনুৰাধা কুলি, অংকিতা চৌধৰী মহন্ত, নাছিফা মেহযাবিন, পুজা খেমকা, চিন্ময় পুজাৰী আৰু ভৱনা প্ৰিয়া কলিতাই অংশগ্ৰহন কৰে । তেওঁলোকে ডিজাইন কৰা থলুৱা পোছাক পৰিহিত কৰে ফেছন শ্বত । অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ হস্ততাঁত উদ্যোগে ইয়াৰ ইতিবাচক দিশ সমূহ আলোচনা কৰে ।

অসম চৰকাৰৰ হস্ততাঁত -বস্ত্ৰশিল্পৰ মুখ্য পৰিচালক এ চি এচ কবিতা ডেকা, প্ৰাক্তন আই এ এচ স্বপ্ননীল বৰুৱা , হস্ততাঁত ডিজাইনাৰ তাৰকা অংকিতা ডেকা, অঞ্জু বুঢ়াগোহাঁই আৰু কৌশিকক সম্বৰ্ধনা জনোৱা হয়। কবিতা ডেকায়ে যিসকলে উদীয়মান ডিজাইনাৰে অসমৰ থলুৱা হস্ততাঁত-বস্ত্ৰ আদি বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে প্ৰচেষ্টা চলাই আহিছে তেওঁলোকক প্ৰসংশা কৰে ।

এফ এন ডি চি প্ৰতিস্থাপক আৰু অধক্ষ্য মেধা শইকীয়ায়ে এই অনুষ্ঠানলৈ সকলোক আদৰনি জনাই। উপস্থিত থকা সংবাদকৰ্মী, ডিজাইনাৰ সকল, মডেল সকলোকে ধন্যবাদ জ্ঞাপন কৰে । লগতে অসমৰ হস্ততাঁত-বস্ত্ৰ শিল্পৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাই।

আন্তঃৰাষ্ট্ৰীয় বজাৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত সাজ-পাৰ , এৰি -মুগা-পাট প্ৰতিস্থা কৰিবলৈ এই বিশেষ পদক্ষেপ লোৱা হৈছে । ইতিমধ্য়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত সাজ-পাৰ , এৰি -মুগা-পাট আদিয়ে যথেষ্ট সমাদৰ লাভ কৰিছে । ৬ গৰাকী ডিজাইনৰে অসমৰ থলুৱা সামগ্ৰী আৰু থলুৱা ডিজাইন পদৰ্শনৰে আয়োজন কৰা হৈছিল "হস্ততাঁত উইক"।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰশিল্প প্ৰায় মৃতপ্ৰায় অবস্থালৈ গতি কৰিছে

Next Story
চাকৰি