পানবজাৰৰ "ৰেৱতী চাট হাউছ"ত খাদ্য সুৰক্ষা বিভাগৰ অভিযান: ৭ দিনলৈ বন্ধ

পানবজাৰৰ "ৰেৱতী চাট হাউছ"ত খাদ্য সুৰক্ষা বিভাগৰ অভিযান: ৭ দিনলৈ বন্ধ

পানবজাৰৰ " ৰেৱতী চাট হাউচ" খাদ্য সুৰক্ষা বিভাগৰ অভিযান । ৰেৱতী চাট হাউচে গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগান ধৰাৰ বাবে ৭ দিনলৈ বন্ধৰ জাননী প্ৰেৰণ কৰিছে খাদ্য সুৰক্ষা বিভাগৰ । পানবজাৰৰ নাগকাটা পুখুৰীত অৱস্থিত " ৰেৱতি চাট হাউচ" । " ৰেৱতি চাট হাউচ" প্ৰত্যেক গৰাকী গুৱাহাটীবাসীৰ এটা পৰিচিত নাম। ৰেৱতীৰ খাদ্যৰ সোৱাদ এবাৰ ল'লে দ্বিতীয় বাৰ যাবলৈ মানুহে নাভাবে । কিন্তু অতি পুৰণি এই ৰেৱতী চাট হাউচৰ খাদ্য গ্ৰাহকৰ বাবে অস্বাস্থ্যকৰ ।

তথ্য মতে, ৰেৱতী চাট হাউচে গ্ৰাহকৰ নূন্যতম খাদ্যৰ গুনাগুণ ৰক্ষা কৰাত ব্যৰ্থ হৈছে । তাৰ বাবে " ৰেৱতী চাট হাউচ " ৭ দিন বন্ধ ৰাখিবলৈ জাননী প্ৰেৰণ কৰিছে । জাননী খনত উল্লেখ আছে চাট হাউচটোৰ ৰান্ধনী ঘৰটোৰ পৰিবেশ অস্বাস্থ্যকৰ বুলি প্ৰকাশ কৰে।

ৰান্ধনী ঘৰটোত খাদ্য ৰান্ধিবলৈ আৰু বস্তু ৰাখিবলৈ পৰ্যাপ্ত ঠাইৰ অভাব। পৰিবেশো অস্বাস্থ্যকৰ বুলি জাননী প্ৰেৰণ কৰে । ৰান্ধনী ঘৰটো পৰিষ্কাৰ নহয়। মজিয়া , চিলিং আৰু বেৰ সমূহ শোচনীয় , লগতে পৰিবেশটো অস্বাস্থ্যকৰ, খাদ্য বনাবলৈ আৰু থ'বলৈ উপযুক্ত স্থান নাই, বিশুদ্ধ খোৱা পানীৰ উপযুক্ত ব্যৱস্থা নাই , পানী জমা ৰখা পাত্ৰ পৰিষ্কাৰ নহয় । লগতে নলাৰ সুপৰিকল্পিত নহয় আৰু খাদ্য প্ৰস্তুত কৰিবলৈ এপ্ৰন, হাত গ্লোব আৰু শিৰৰ কেপ ব্যবহাৰ নকৰে । জাননী খনত এই সমূহ কাৰন দৰ্শোৱা হৈছিল ।

৭ দিনলৈ গুৱাহাটী বাসীয়ে ৰেৱতী চাট হাউচত খাদ্য গ্ৰহণ কৰিব নোৱাৰিব । খাদ্য সুৰক্ষা বিভাগৰ ২০০৬ আইন অমান্যৰ কৰিছে বুলি উল্লেখ আছে জাননী খনত । বিশেষভাৱে চৰ্চিত এই ৰেষ্টোৰেন্ট খনত খাদ্য সুৰক্ষা বিভাগে অভিযান চলোৱাৰ পাছতে এই জাননী প্ৰেৰণ কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com