Begin typing your search above and press return to search.

বিভাগীয় কৰ্তৃপক্ষক কৰ্মবিৰতি ন’লবলৈ আহ্বান বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

বিভাগীয় কৰ্তৃপক্ষক কৰ্মবিৰতি ন’লবলৈ আহ্বান বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 July 2019 10:14 AM GMT

বিভাগীয় কৰ্তৃপক্ষক কৰ্মবিৰতি ন’লবলৈ আহ্বান বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷ ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শনিবাৰে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ সকলো বিষয়া কৰ্মচাৰীক কৰ্মবিৰতি ন’লবলৈ আহ্বান কৰাৰ লগতে বানক্ৰান্ত অঞ্চলসমূহত জীৱ জন্তুসমূহৰ ক্ষেত্ৰত ২৪ ঘন্টাই সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে ৷ প্ৰত্যেক কৰ্মচাৰীৰ কৰ্ম বিৰতি আৰু কৰ্মবিৰতি ল’বৰ কাৰণে কৰা আবেদনসমূহ খাৰিজ কৰিবৰ কাৰণে আহ্বান কৰে ৷

দ্বিতীয়তে মন্ত্ৰী শুক্লবৈদ্যই কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য প্লাবিত হোৱাৰ কাৰণে বিগত বৰ্ষত গড় চিকাৰ কৰিবলৈ সুবিধা পাইছিল চিকাৰীসকলে ৷ কাৰনে বানপানীৰ পৰা ৰক্ষা পাবৰ কাৰণে গড় ওখ ঠাই বিছাৰি মুকলিলৈ ওলাই আহিছিল ৷ লগতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সম্প্ৰতি আধুনিক সা সুবিধাৰে সৰ্জ্জিত এটি বাহিনী নিয়োগ কৰাৰ কথা উল্লেখ কৰে ৷

ইফালে প্ৰায় ৮২ জন বিশেষভাৱে প্ৰশিক্ষিত এটি দলে সমগ্ৰ কাজিৰঙাত বন্য জীৱ জন্তুসমূহৰ সুৰক্ষা দিছে ৷ লগতে শনিবাৰে দুটা কুখ্যাত চিকাৰীক আটক কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰী শুক্লবৈদ্যই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সততে বন্য জীৱ জন্তু বিচৰণ কৰে ৷ বিশেষকৈ অভয়াৰণ্যখনত হোৱা বানৰ কাৰণে বন্য জীৱ জন্তুসমূহে বাহিৰত বিচৰণ কৰি ফুৰে ৷ এই সময়তে জীৱ জন্তুসমূহক অতি দ্ৰুত গতিত অহা যোৱা কৰা বাহনৰ দ্বাৰা দুৰ্ঘটনা সংঘটিত হয়।

গতিকে জিলা প্ৰশাসন,স্থানীয় আৰক্ষীসকলে যৌথভাৱে ৰাষ্ট্ৰীয় ঘাই পথত চলাচল কৰা বাহনসমূহৰ গতি যাতে সীমিত হয় তাৰ কাৰণে যাৱতীয় ব্যৱস্থা কৰিছে ৷উল্লেখ্য যে মন্ত্ৰী শুক্লবৈদ্যই বানৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহৰ জীৱ জন্তুসমূহক স্থানীয় নাগৰিকে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰিবলৈ আহ্বান কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: শুক্ল বৈদ্যৰ পৰিৱৰ্তন বন বিভাগৰ

Next Story
চাকৰি