Begin typing your search above and press return to search.

দিছপুৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল

দিছপুৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jun 2019 11:48 AM GMT

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দিছপুৰৰ এম ৭ নিউ মন্ত্ৰীসকলৰ বাসগৃহত এখন সংবাদমেল আয়োজন কৰে ৷ সংবাদমেলত তৰুণ গগৈয়ে কয় যে, ৰাষ্ট্ৰপতিয়ে ভাষণত নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা উল্লেখ কৰিলে। অসমৰ ৰাইজে বিপুল ভোটত জয়ী কৰালে, সেইবুলি নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত বিজেপিক অসমৰ ৰাইজে সমৰ্থন জনোৱা নাই।

যদি বিজেপিয়ে এই কথাত ৰাইজে সমৰ্থন জনোৱা বুলি ভাবিছে তেন্তে ভুল ভাবিছে। বিগত নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ সন্দৰ্ভত কয় যে আমি পৰাজয় বৰণ কৰিলো বুলিয়ে কৈছো। যিধৰণে বিষয়বোৰ জনসাধাৰণৰ মাজলৈ নিব লাগিছিল তেনেধৰণে নিব নোৱাৰিলো। গতিকে প্ৰচাৰ চলাব নোৱাৰাৰ কাৰণত আমি পৰাজয় বৰণ কৰিলো৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত তৰুণ গগৈয়ে কয় যে অসমৰ সকলো ৰাইজৰ লগত আলোচনা কৰাটো বিচাৰো বিধেয়কৰ ক্ষেত্ৰত। এই বিধেয়কখনে ভাষা সংস্কৃতিৰ ক্ষেত্ৰত সহায়ক নহ'ব ৷ এই ক্ষেত্ৰত অসমৰ বাঙালী সকলৰ কি লাভ হ'ব বুলি প্ৰশ্ন কৰে গগৈয়ে ৷ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে যদি নিৰ্যাতন হয় তেন্তে এনেয়ো আহিব পাৰে ৷ কিন্তু তাৰ কাৰণে বিধেয়কৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে তৰুণ গগৈয়ে ৷

যদি ৫ বছৰে অনুপ্ৰৱেশ হৈয়ে আছে তেন্তে কেন্দ্ৰীয় চৰকাৰে কি কৰি আছে বুলি প্ৰশ্ন কৰে গগৈয়ে ?অন্যহাতে এন আৰ চি অনুপ্ৰৱেশকাৰীৰ বাবে নহয় অসমত থকা বিদেশী চিনাক্তকৰণৰ বাবেহে কৰা হৈছিল। ইয়াৰ বিপৰীতে চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আইনী ব্যৱস্থা ল'ব লাগিব বুলি মন্তব্য কৰে।

লগতে গৃহ মন্ত্ৰী অমিত শ্বাহক এই সন্দৰ্ভত সাক্ষাৎ কৰাৰ কথা প্ৰকাশ কৰে ৷ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে ভোটাৰ লিষ্টে প্ৰথম অগ্ৰাধিকাৰ পাব লাগিব। ভোটাৰ তালিকাত নাম থাকিলে, এন আৰ চিটো নাম থাকিব লাগিব। এন আৰ চি আৰু ভোটাৰ লিষ্টৰ মাজত সমন্নয় থাকিব লাগিব বুলি মন্তব্য কৰে গগৈয়ে ৷

ইফালে সততে বিদেশী সমস্যাৰ প্ৰসংগ কথা উত্থাপন হৈ থকা সন্দৰ্ভত গগৈয়ে কয় যে বিদেশী সমস্যাটো জীয়াই ৰাখিব বিচাৰিছে চলিত চৰকাৰে। ইয়াৰ সমাধান নিবিচাৰে। কংগ্ৰেছ চৰকাৰক দোষাৰূপ কৰিলেও ভোটাৰ আই কাৰ্ড কংগ্ৰেছে দিছিল ৷ এন আৰ চি কংগ্ৰেছেই আৰম্ভ কৰিছিল , কিন্তু চলিত চৰকাৰে এন আৰ চিক ভালদৰে পৰিচালনা কৰিব বিচৰা নাই। উল্লেখ্য যে বিজেপি চৰকাৰৰ শ্ল’গান স্বচ্ছতাৰ সন্দৰ্ভত কটাক্ষ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় গুৱাহাটীখন ক’ত স্বচ্ছ হৈছে বুলি প্ৰশ্ন কৰে । লগতে শ্লোগানতে স্বচ্ছ ভাৰত সীমাবদ্ধ বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ পুনৰ গঠন হোৱাৰ পোষকতা কৰে

Next Story
চাকৰি