Begin typing your search above and press return to search.

অসম নাগালেণ্ড সীমান্তৰ বিবাদৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া

অসম নাগালেণ্ড সীমান্তৰ বিবাদৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Aug 2019 5:45 AM GMT

অসম নাগালেণ্ড সীমান্তৰ বিবাদৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসম আৰু নাগালেণ্ডৰ মাজত বিতৰ্কিত ক্ষেত্ৰৰ সমাধান কৰা প্ৰসংগত ক্ষোভ প্ৰকাশ কৰিছে ৷ অসম চৰকাৰে দুখন কাষৰীয়া ৰাজ্যৰ মাজত সংঘৰ্ষ সমাধান কৰাৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ লগত সম্পৰ্ক স্থাপন কৰিছিল । অৱশ্যে বিগত তিনি বৰ্ষত উচ্চতম ন্যায়ালয়ৰ অন্তৰ্গত দিয়া শুনানিত বিভিন্ন বাধা আহি পৰিল ৷

শনিবাৰে এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই বিষয়ত বিজেপি চৰকাৰৰ উদাসীন মনোভাৱৰ কথা উল্লেখ কৰে । আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু নেডাৰ আহ্বায়ক মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত কোনো মন্তব্য নিদিয়াৰ কাৰণে তথা কোনো প্ৰতিক্ৰিয়া নিদিয়াৰ কাৰণে কটাক্ষ কৰে ৷ নাগালেণ্ডৰ লগত হৈ থকা বিবাদৰ লগত মোকামিলা কৰিবলৈ বিভিন্ন আয়োগ গঠন কৰিছিল ৷যদিও এই বিষয়টোক কেতিয়াও স্থায়ীভাৱে সমাধান কৰা ন’হল ৷

১৯৭১ চনত কেন্দ্ৰীয় চৰকাৰে কেভিকে সুন্দৰম আয়োগ গঠন কৰিছিল ৷ যাক নাগালেণ্ডে অস্বীকাৰ কৰিছিল । ১৯৮৫ চনত আৰু এখন আয়োগ গঠন কৰা হৈছিল। এই আয়োগে সফলতা লাভ কৰা নাছিল ৷ ইয়াৰ পিছত এই বিষয়টো উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰিত কৰা হয় ৷ অসম চৰকাৰৰ জেষ্ঠ্য অধিকাৰীসমূহ এই শুনানিৰ সময়ত উপস্থিত আছিল,যদিও সম্প্ৰতি এই ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। আৰু সমগ্ৰ বিষয়টো এটা স্থিতাৱস্থালৈ পৰিণত হ’ল। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

ইফালে ১৪ আগষ্টত নাগালেণ্ডত পতাকা উত্তোলন কৰা প্ৰসংগক তৰুণ গগৈয়ে কটাক্ষ কৰে। লগতে এই ঘটনাটোক এটা অশুভ সংকেত ৰূপে আখ্যা দিয়ে আৰু চৰকাৰৰ এই সন্দৰ্ভত প্ৰদৰ্শন কৰা নিৰৱতাৰ ওপৰত প্ৰশ্ন কৰে গগৈয়ে । আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষৰ সভাপতি ভূৱনেশ্বৰ কলিতা আৰু প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে বিজেপিত যোগদান কৰা পদক্ষেপ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

আৰু মন্তব্য কৰে যে ইউপি এ চৰকাৰৰ আমোলত সংঘটিত দিল্লীত কমনৱেলথ গেমছ কেলেংকাৰিত ভূৱনেশ্বৰ কলিতা জড়িত আছিল বুলি মন্তব্য কৰে ৷ লগতে ৰাকেশ পালক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত বহুৱাবলৈ তদানীন্তন মন্ত্ৰী গৌতম ৰয়ে গগৈক জোৰ কৰিছিল বুলি মন্তব্য কৰে ৷ ইফালে ৰাকেশ পালৰ ভাতৃক চৰকাৰে কিয় গ্ৰেপ্তাৰ কৰা নাই বুলি সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰশ্ন কৰে।

অন্য খবৰৰ বাবে পঢ়ক:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কটাক্ষ বিজেপিক

ভিডিঅ প্ৰতক্ষ্য কৰক:Former CM Tarun Gogoi holds press conference in Guwahati

Next Story
চাকৰি