Begin typing your search above and press return to search.

অসম চুক্তিৰ ষষ্ঠ দফাৰ সন্দৰ্ভত উচ্চস্তৰীয় কমিটীৰ প্ৰথমখন বৈঠক

অসম চুক্তিৰ ষষ্ঠ দফাৰ সন্দৰ্ভত উচ্চস্তৰীয় কমিটীৰ প্ৰথমখন বৈঠক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 July 2019 9:47 AM GMT

অসম চুক্তিৰ ষষ্ঠ দফাক সন্মুখত ৰাখি নৰ্থ ব্লকস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ কাৰ্যালয়ত কেন্দ্ৰই গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ কমিটীৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় ৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিখনৰ প্ৰথমখন বৈঠকত অসমৰ এখন খিলঞ্জীয়া জনজাতীয় সদস্যৰ অন্তৰ্ভূক্তিৰো সিদ্ধান্ত কৰা হয় আৰু এই বৈঠকত ছয় নং দফা ৰূপায়ণ সন্দৰ্ভত এক ৰূপৰেখা প্ৰস্তুত হোৱাৰ সম্ভৱনা আছে।

অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া এই ১৩ জনীয়া সমিতিৰ প্ৰথম বৈঠকতে খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচৰ সৈতে নিগম,নিকায়,বিধানসভা আৰু সংসদত অসমৰ খিলঞ্জীযাৰ বাবে আসন সংৰক্ষণ কৰা,ভূমি সংৰক্ষণ আৰু কেন্দ্ৰীয় চাকৰিতো অসমৰ খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ বিষয়টো সন্নিবিষ্ট কৰে ৷

ইফালে বিপ্লৱ কুমাৰ শৰ্মাৰ উপৰিও এই বৈঠকৰ পূৰ্বে সমিতিখনে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষণ ৰেড্ডীৰ সৈতে মিলিত হয় ৷ এই বৈঠকখনৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই বৈঠকখন আছিল প্ৰাথমিক বৈঠক ৷১৯৯৮ চনত কেন্দ্ৰৰ প্ৰাক্তন গৃহ সচিব জি কে পিল্লাইৰ নেতৃত্বত গঠন কৰা কমিটীয়ে এই ক্ষেত্ৰত ইতিমধ্যে এটা দিহা প্ৰদান কৰা হৈছে ৷লগতে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয় যে আমি ৰাজ্যৰ স্বদেশী লোসকলৰ কাৰণে সাংবিধানিক সুৰক্ষাৰ আৱশ্যকতাৰ সন্দৰ্ভত চৰ্চা কৰিছিলোঁ ৷

শেহতীয়াকৈ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈয়েও বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে আলাপ আলোচনা জৰিয়তে অসমীয়াৰ সংজ্ঞা কি হ’ব পাৰে ।তাৰ সম্যক ধাৰণা এটা প্ৰদান কৰিছে ৷ পিল্লাই কমিটীয়ে পূৰ্বতে অসম চুক্তিৰ ষষ্ঠ দফা সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনৰ আঁত ধৰিয়েই আমি আগবাঢ়ি যাব লাগিব বুলি আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰে ৷

আনহাতে সমিতিৰ পৰৱৰ্তী বৈঠকখনত গুৱাহাটীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সেই বৈঠকতে ছয় নং দফা ৰূপায়নৰ সন্দৰ্ভত এক ৰূপৰেখা প্ৰস্তত কৰিবলৈ কোৱাৰ সম্ভাৱনা আছে ৷এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰে কেন্দ্ৰীয় যুটীয়া গৃহ সচিব সত্যেন গাৰ্গে ৷বৈঠকত সমিতিয়ে তিনিটা বিষয় আলোচনাৰ সংযোজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নৰ্থ ব্লকত অনুষ্ঠিত হোৱা বৈঠকখন আৰম্ভ হোৱাৰ পূৰ্বে অসম আন্দোলনত শ্বহীদ হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলী জনোৱা হয় ৷

সংসদৰ ভৱনত বিয়লি ৬ বজাত কমিটীৰ সদস্যসকলৰ সৈতে হোৱা বৈঠকত অমিত শ্বাহে বিভাগীয় ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীৰ দৰেই অসম চুক্তিৰ ষষ্ঠ দফা ৰপায়নৰ বাবে কেন্দ্ৰৰ সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷উল্লেখ্য যে এই বৈঠকখনত ৰমেশ বৰপাত্ৰগোহাঁই,নিলয় দত্ত,পল্লৱ ভট্টাচাৰ্য,সুমন্ত চলিহা,সৃষ্টিধৰ দত্ত,জয়কান্ত শৰ্মা,ৱাছবিৰ হুছেইন,সমুজ্জ্বল ভট্টাচাৰ্য,দীপাংক কুমাৰ নাথ আৰু লুৰীণজ্যোতি গগৈ উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: পৰিৱৰ্তন হ’ল চৰকাৰঃ কিন্তু উপেক্ষিত হৈ ৰ’ল অসম চুক্তিৰ ষষ্ঠ অনুসূচী

Next Story
চাকৰি