Begin typing your search above and press return to search.

ক’ৰ’না মহামাৰী: অসমত আক্ৰান্তৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি

ক’ৰ’না মহামাৰী: অসমত আক্ৰান্তৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 April 2020 9:50 AM GMT

ক’ৰ’না মহামাৰী: অসমত আক্ৰান্তৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি

মাথোঁ ২৪ ঘণ্টাৰ ভিতৰতে অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পালে। কালি কৰিমগঞ্জৰ এজন লোকৰ দেহত এই মাৰাত্মক ৰোগৰ ভাইৰাছ ধৰা পৰাৰ পাছত বুধবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আন চাৰিজন লোকৰ দেহত এই বীজাণু ধৰা পৰে। আটাইকেইজন লোকেই দিল্লীৰ বহুচৰ্চিত নিজামুদ্দিন দৰগাহৰ শেহতীয়া জামাতত অংশ লৈছিল। এই কথা সদৰী কৰি এক সূত্ৰই কয় যে আক্ৰান্ত কেইজনৰ মাজত ৰাজ্যৰ বিভিন্ন স্থানৰ লোক আছে। আনহাতে, কালি কৰিমগঞ্জত ক’ৰ’না মহামাৰী আক্ৰান্ত চিনাক্ত হোৱা লোকজনেও দিল্লী ভ্ৰমণ কৰিছিল। দিল্লীৰ পৰা উভতি অহাৰ পাছত তেওঁ গুৱাহাটীৰ এজন আত্মীয় লোকৰ ঘৰত কিছুদিন আছিল। সম্প্ৰতি তেওঁ শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন হৈ আছে। আজি এখন সংবাদ মেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি সন্ধিয়ালৈ এই মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে। তেওঁ স্পষ্টভাবে কয় যে সম্প্ৰতি লোকৰ নমুনা পৰীক্ষা অব্যাহত আছে। আনহাতে, দক্ষিণ দিল্লীৰ নিজামুদ্দিন দৰগাহত অনুষ্ঠিত জামাতত অংশ লোৱা দুই সহস্ৰাধিক লোকৰ মাজৰ ১২৮জন ক’ৰ’না মহামাৰীত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে। ক’ৰ’না মহামাৰীত আক্ৰান্ত এইসকল লোকৰ মাজত অসমৰ কৰিমগঞ্জৰ লোকজনো আছে বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য যে যোৱা আঠ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত এই জামাতত দেশ-বিদেশৰ বিভিন্ন স্থানৰ লগতে অসমৰো চাৰি শতাধিক অংশ লৈছিল। এই চাৰি শতাধিক লোক সম্প্ৰতি ক’ত আছে, তাৰ কোনো নিশ্চিত তথ্য অসম চৰকাৰে প্ৰকাশ কৰিবলৈ সক্ষম হোৱা নাই। অভিযোগ ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ সকলো চৰকাৰী নিৰ্দেশনা উলংঘা কৰি সহস্ৰাধিক লোক নিজামুদ্দিন দৰগাহত সমবেত হৈছিল। এইসকলৰ মাজত ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ লোকো আছিল। পাছত ঘৰলৈ ঘূৰি যোৱা একাধিক ৰাজ্যৰ কমেও সাতজন লোকে ক’ৰ’না মহামাৰীত আক্ৰান্ত প্ৰাণ হেৰুৱায়।

অন্য খবৰৰ বাবে পঢ়ক : নিজামুদ্দিন দৰগাহ কাণ্ডঃ ১২৮জন আক্ৰান্ত হ’ল ক’ৰ’না মহামাৰীত

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি