জীৱন সংগ্ৰামত সফল ব্যক্তি: পিজা যোগান ধৰা যুৱক হয়গৈ আৰক্ষী বিষয়া

জীৱন সংগ্ৰামত সফল ব্যক্তি: পিজা যোগান ধৰা যুৱক হয়গৈ আৰক্ষী বিষয়া

এজন পিজা যোগান ধৰা যুৱকৰ পৰা এজন আৰক্ষী বিষয়া হোৱাৰ ঘটনাই বৰ্তমান সকলো যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ কাৰণ হৈ পৰিছে । জীৱনৰ বহুতো কষ্ট সহ্য কৰি মইন খান নামৰ যুৱক জনে পিজা বয়ৰ পৰা আৰক্ষী বিষয়া হয় । জম্বু-কাশ্মীৰৰ ২৮ বছৰীয়া যুৱক মইন খানে প্ৰমাণ কৰি দিলে যে , সপোনৰ কোনো সীমা নাথাকে , যেতিয়া জীৱনত কৰিম বুলি মন বান্ধি লোৱা হয় , তেতিয়া কৰিব পাৰি ।

মইন খানে সদায় এজন আৰক্ষী বিষয়া হোৱাৰ সপোন দেখিছিল আৰু সন্মানীয় খাকী পোছাকো পৰিধান কৰিছিল কিন্তু প্ৰকৃতাৰ্থত এই পোছাক জোৰ পিন্ধিবলৈ যথেষ্ট সংগ্ৰাম কৰিব লগীয়া হৈছে । জম্বু কাশ্মীৰৰ ঠাণ্ডা পানী নামৰ ঠাইত বাস কৰিছিল মইন খানে ।

জীৱনত যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল মইন খানে । জীৱনত সংগ্ৰামৰ বাবে তেওঁ বহুতো ঠাইত চাকৰি কৰিব লগা হৈছিল । শেষত তেওঁ সপোন পূৰণ কৰিবলৈ সক্ষম হয়। মইন খানে জীৱন সংগ্ৰাম আৰম্ভ কৰিছিল ৱেইটাৰ, গাড়ী ধোৱা , গেলামালৰ দোকানত যোগান ধৰা, তাৰ পাছত পিজা ডেলিভাৰি বয় হিচাপে প্ৰায় ৭ বছৰতকৈও অধিক সময় কাম কৰিছিল । মইন খানে নিজৰ সপোন পূৰা কৰিবলৈ যথা সম্ভাৱ সকলো সৰু কাম কৰিছিল ।

মইন খানে প্ৰকাশ কৰে যে , " জম্বু জিলাৰ নাগৰতা সমষ্টিৰ ঠাণ্ডা পানী গাঁওত মোৰ ঘৰ । মোৰ অভিভাৱক অশিক্ষিত আৰু আমাৰ পৰিয়ালৰ মই প্ৰথম স্নাতক ডিগ্ৰী ধাৰী ।" বৰ্তমান মইন খান উধামপুৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । শীঘ্ৰে তেওঁ আৰক্ষী বিষয়া হব ।

আৰ্থিক ভাৱে দুৰ্বল লোকৰ বাবে বিনামূলীয়াকৈ " অপাৰেচন ড্ৰীম" (operation dream) নামৰ এটা কছিং ক্লাছ মইন খানে গ্ৰহণ কৰিছিল । এই ক্লাছটো আই পি এচ বিষয়া সন্দিপ চৌধৰীয়ে দিছিল আৰু এই শ্ৰেণীৰ পৰা যথেষ্ট অনুপ্ৰেৰণা লাভ কৰে মইন খানে ।

মইন খানে প্ৰকাশ কৰে যে, " মোৰ দেউতা মহম্মদ চাৰিফে প্ৰথমে গাখীৰ বিক্ৰী কৰিছিল । তাৰ পাছত গুজৰাটত ঢাবা মুকলি কৰে। ২০০৯ চনত পিতৃৰ দুৰ্ঘটনা সংঘটিত হয় । মইন খানে ২০১২ চনত বানিজ্যি শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ৩ বছৰত ২,৫০০ টকা দৰমহাত পিজা বয় হিচাপে কাম কৰিছিল মইন খানে ।লগতে মইন খানে বি বি এয়ে কৰিছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com