Begin typing your search above and press return to search.

G20 শীৰ্ষ সন্মিলনত ঠাই পালে ভাৰতৰ অৰ্থনৈতিক, সন্ত্ৰাসবিৰোধী কাৰ্যকলাপ নিৰ্মূল প্ৰসংগই

G20 শীৰ্ষ সন্মিলনত ঠাই পালে ভাৰতৰ  অৰ্থনৈতিক, সন্ত্ৰাসবিৰোধী কাৰ্যকলাপ নিৰ্মূল প্ৰসংগই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2018 11:06 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াকৈ অংশগ্ৰহন কৰিলে G20 শীৰ্ষ সন্মিলনত ৷ আৰ্জেন্টিনাৰ ব্যুন্য’চ আয়াৰচত হোৱা এই অধিবেশনখনত প্ৰধানমন্ত্ৰী মোডীয়ে দেশ বিদেশৰ প্ৰধানমন্ত্ৰী তথা প্ৰথিত যশা নেতাসকলৰ লগত ভাৰতৰ শান্তি চুক্তি সম্পৰ্কীয় বৈঠকত মিলিত হয় ৷ ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে, আৰ্জেন্টিনাত হোৱা G 20শিখৰ সন্মিলনত খন হোৱাৰ প্ৰাকমুহুৰ্তত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প,ৰুচৰ ৰাষ্ট্ৰপতি পুটিন আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী টেৰেচা মেৰ লগত এক বৈঠকত মিলিত হয়। লগতে প্ৰধানমন্ত্ৰী মোডী,জাপানৰ প্ৰধানমন্ত্ৰী শ্বিংজো আবে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাপৰ লগত হোৱা এখন ত্ৰিপাক্ষীয় বৈঠকো অনুষ্ঠিত হয়।

এই বৈঠকসমূহত প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতৰ আৰ্থিক অৱস্থাৰ সম্পৰ্কত আলোচনা কৰে৷ ভাৰতৰ অৰ্থনৈতিক,সামাজিক,সন্ত্ৰাসবাদ বিৰোধৰ লগতে চাইবাৰ সম্পৰ্কীয় বিভিন্ন বিষয়সমূহৰ বিভিন্ন আলোচনা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷আনহাতে,প্ৰধানমন্ত্ৰী মোডীয়ে শনিবাৰে ইউৰোপীয় পৰিষদৰ অধ্যক্ষ ড’নাল্ড টস্ক,ইউৰোপীয় আয়োগৰ অধ্যক্ষ জীন ক্লাড জংকৰৰ লগতে আন বহু কেইজন বিষয়াৰ লগত মিলিত হয় ৷ এই সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে সন্ত্ৰাসবাদ নিৰ্মূল কৰা বিভিন্ন শক্তিসমূহৰ লগত মোকামিলা কৰাৰ কাৰণে লগতে সংযুক্ত প্ৰয়াস ভাৰত ইউৰোপীয় সংঘৰ লগত স্থিতি সবল কৰাৰ ক্ষেত্ৰত এক আলোচনাত মিলিত হয় ৷

উল্লেখ্য যে G20 শিখৰ সন্মিলন হৈছে বিশ্বৰ ২০ খন মুখ্য অৰ্থনৈতিকভাৱে আগবঢ়া দেশৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকসমূহৰ এক সংগঠন ৷ ইয়াত ১৯ খন দেশ আৰু ইউৰোপীয় সংঘসমূহ জড়িত হৈ আছে৷ ১৯৯৯ চনত ৭ খন দেশ লগ হৈ এই সন্মিলনখন আৰম্ভ হৈছিল যদিও ২০০৮ চনত এই সন্মিলনখনত অধিক দেশসমূহ জড়িত হৈ পৰিল ৷উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে G20 শিখৰ সন্মিলনখন ২০২২ চনত ভাৰতত অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰে ৷ আৰ্জেন্টিনাত এক ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে,২০২২ চনত ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰিব ৷ গতিকে যদি ২০২২ চনত G20 শিখৰ সন্মিলন ভাৰতত অনুষ্ঠিত কৰিব পাৰে তেন্তে বিশ্বৰ আগশাৰীৰ নেতাসকলৰ ভাৰতলৈ আগমন দেশৰ কাৰণে সোভাগ্য পূৰ্ণ হ’ব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি