Begin typing your search above and press return to search.

ৰাজ্যৰ বান পৰিস্থিতি পৰিদৰ্শন কেন্দ্ৰীয় জল শক্তিমন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ

ৰাজ্যৰ বান পৰিস্থিতি পৰিদৰ্শন কেন্দ্ৰীয় জল শক্তিমন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 July 2019 7:58 AM GMT

কেন্দ্ৰীয় জল শক্তিমন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে মংগলবাৰে প্ৰথমবাৰৰ কাৰণে ৰাজ্যৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷ সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টেলিফোন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে তৎপৰতাৰে অসমলৈ গৈ বান পৰিস্থিতিৰ পৰিদৰ্শন আৰু বিতং পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটক নিৰ্দেশ দিয়ে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সহিতে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা,মুখ্য সচিব আলোক কুমাৰ আৰু অন্য জেষ্ঠ্য বিষয়াসকলৰ উপস্থিতিত ৰাজ্যৰ বান পৰিস্থিতিৰ সমীক্ষা কৰে৷ ইফালে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ সভাগৃহত আয়োজিত এখন সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে কয় যে মই আজি উজনি অসমৰ কেতবোৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিছোঁ ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টেলিফোন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে তৎপৰতাৰে অসমলৈ গৈ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিয়ে গজেন্দ্ৰ সিং শেখাৱটে ৷ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে ২০১৭ চনতে অসমত বান খহনীয়া পৰিস্থিতৰ ভয়াৱহতা উপলব্ধি কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে উত্তৰ পূব জল ব্যৱস্থাপনা কৰ্তৃপক্ষ নামৰ এটা সংস্থা গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰসংগত উল্লেখ কৰি কয় যে আগন্তুক দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰ্হিত আন প্ৰভাৱিত অঞ্চলসমূহতো হাইলেণ্ড নিৰ্মাৰ্ণ বাবে কেন্দ্ৰই সহযোগিতা আগবঢ়াব ৷আনহাতে কেন্দ্ৰই অসমৰ বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰে নে নকৰে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰোঁতে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে প্ৰধানমন্ত্ৰী মোডী বিষয়টোক গুৰুত্বপূৰ্ণ সহকাৰে গ্ৰহণ কৰি ইয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কয় ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে পূৰ্বতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৰে কোনো প্ৰধানমন্ত্ৰীয়ে অসমসহ উত্তৰ পূবক ইমান গুৰুত্ব দিয়া নাছিল৷ এতিয়া বানপানী খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে উত্তৰ পূৱ জল ব্যৱস্থাপনা কৰ্তৃপক্ষ গঠন হ’ব ৷ সম্প্ৰতি বানপানী খহনীয়া সমস্যাৰ স্থায়ে সমাধানৰ বাবে উত্তৰ পূব জল ব্যৱস্থাপনা কৰ্তৃপক্ষ গঠন হ’ব ৷

সেই কৰ্তৃপক্ষই গৱেষণা অধ্যয়ন কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে উত্তৰ পূব জল ব্যৱস্থাপনা কৰ্তৃপক্ষ গঠন হ’ব ৷কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটেও বানপানী কিছু শুকুৱাৰ পাছতে অসমলৈ কেন্দ্ৰীয় দল আহিব বুলি সদৰী কৰি ৷ সংবাদ মেলখনত অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনামন্ত্ৰী ভৱেশ কলিতাৰ উপৰি অসম চৰকাৰৰ কেইবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে ৷

অন্য খবৰৰ বাবে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৮৫ শতাংশ পানীৰ তলত

Next Story
চাকৰি