Begin typing your search above and press return to search.

নৰকৰ দুৱাৰ, কেৱল মানুহ নহয়, পশু পক্ষী,জীৱ জন্তুৰো হয় মৃত্যু

নৰকৰ দুৱাৰ, কেৱল মানুহ নহয়, পশু পক্ষী,জীৱ জন্তুৰো হয় মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Dec 2019 10:19 AM GMT

নৰকৰ দুৱাৰ, কেৱল মানুহ নহয়, পশু পক্ষী,জীৱ জন্তুৰো হয় মৃত্যু ।‌ পৃথিৱীত এনেকুৱা কিছুমান ঠাই আছে যি বোৰ বহু সময়ত কিছুমান কাৰণত ৰহস্য হৈ ৰয় । এনেকুৱা ঠাই বোৰত যোৱা অতি বিপদজনক। সংবাদ মাধ্যমৰ পৰা পোৱা তথ্য অনুসৰি এনেকুৱা এখন ঠাইৰ সন্ধান পোৱা গৈছে টুৰ্কীৰ প্ৰাচীন চহৰ হেৰাপোলিছত । য'ত এটা বহু বছৰ পুৰণি মন্দিৰ আছে । এই মন্দিৰটোৰ ওপৰত বহু প্ৰবাদ আছে । এই মন্দিৰটোত নৰকৰ দুৱাৰ থকা বুলি কয়। যিটো মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা দুৰৰ কথা, মন্দিৰৰ ওচৰ পাজৰে কোনো লোক গলেও মৃত্যু হয় । এই ৰহস্যময়ী মন্দিৰটোৰ ওজৰে পাজৰে কোনোবা গ'লে উভতি আহিব নোৱাৰে। কথিত আছে যে এই মন্দিৰটোৰ ওচৰত মানুহৰ উপৰিও পশু পক্ষী আহিলেও মৃত্যু মুখত পৰে । বহু বছৰৰ পৰা এই ঠাই খিনিক ৰহস্যময় বুলি জানিব পৰা গৈছে । কিয়নো সেই ঠাইৰ মানুহে বিশ্বাস কৰিছিল যে সেই ঠাইলৈ যোৱা মানুহৰ মৃত্যু য়ুনানী দেৱতাৰ বিষাত্মক উশাহৰ ফলত হয় । এই ঠাই অৰ্থাৎ মন্দিৰটোত হোৱা বিভিন্ন জনৰ মৃত্যুৰ বাবে এই ঠাই খনক মানুহে নৰকৰ দুৱাৰ বুলি কব আৰম্ভ কৰিলে ।

জানিব পৰা মতে বহু বছৰ আগতেও এই ঠাইখনত কোনোৱে যোৱা নাছিল । যি নহওক এতিয়া বিজ্ঞানৰ ফলত এই ঠাইখনৰ ৰহস্য পোহৰলৈ আহিছে । বৈজ্ঞানিক তথ্য অনুসৰি মন্দিৰটোৰ তলৰ পৰা প্ৰতিটো সময়তে বিষাক্ত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। যাৰ সম্পৰ্কত অহাৰ লগে লগে মানুহ , জীৱ জন্তু আদি মৃত্যু মুখত পৰে । এই ঠাইত যিয়ে যায় তাৰ মৃত্যু নিশ্চিত।

বৈজ্ঞানিক তথ্য অনুসৰি মন্দিৰৰ তলত বৃহৎ পৰিমানৰ কাৰ্বন ডাই অক্সাইড গেছৰ সন্ধান পোৱা গৈছে। সাধাৰণতে ১০% কাৰ্বন ডাই অক্সাইডৰ ফলতে ৩০ মিনিটৰ ভিতৰত মানুহ মৃত্যু মুখত পৰিব পাৰে। আনহাতে এই গুফাটোত ৯১% কাৰ্বন ডাই অক্সাইডৰ সন্ধান পোৱা গৈছে। যাৰ ফলত ইয়াৰ সংস্পৰ্শলৈ অহা পশু পক্ষী, মানুহ, জীৱ জন্তু আদি অতি সহজে মৃত্যু মুখত পৰে।

তাৰোপৰি আমি কিছুদিন আগত আপোনালোকৰ আগত পৃথিৱীৰ বিষাক্ত গছৰ বাতৰি প্ৰকাশ কৰিছিলো । দেখা যায় যে আমাৰ পৃথিৱী খন বিভিন্ন ধৰণৰ আজৱ ৰহস্যময় ঘটনাৰ সৈতে জড়িত হৈ আছে।

অন্য খবৰৰ বাবে পঢ়ক: আশ্বৰ্যকৰ! এটা নিজৰা, য’ত পানী নহয়, ১৫৬০ ফুট উচ্চতাৰ পৰা জুই বয়

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU Rally Against CAA 2019 in Kokrajhar

Next Story
চাকৰি