গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি সানাউল্লাহৰ জামিন মঞ্জুৰ কৰে

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি সানাউল্লাহৰ জামিন মঞ্জুৰ কৰে

বিদেশী বুলি ঘোষণা কৰা প্ৰাক্তন ভাৰতীয় সেনা বিষয়া সানাউল্লাহকৰ আবেদনৰ আজি শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাক্তন সেনা মহম্মদ সানাউল্লাহৰ জামিন আবেদন মঞ্জুৰ কৰে। ২০ হাজাৰ টকাৰ বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰ, নিৰ্বাচনী আয়োগ , ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কাৰ্য্যালয় আৰু অনুসন্ধান কৰি বিষয়া চন্দ্ৰমল দাসলৈ কাৰন দৰ্শোৱাৰ বাবে জাননী জাৰি কৰিছিল ।

প্ৰাক্তন ভাৰতীয় সেনা বিষয়া সানাউল্লাহক বিদেশী ন্যায়াধীশকৰনে বিদেশী বুলি ঘোষণা কৰি ২৯ মেত ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছে ।

বকো বিদেশী ন্যায়াধীশকৰনে ২০১৮ চনৰ ৪ চেপ্তেম্বৰত মহম্মদ সোনাউল্লাহলৈ জাননী জাৰি কৰিছিল আৰু তেওঁক বিদেশী বুলি ঘোষণা কৰে ।

কামৰূপৰ অতিৰিক্ত এচ পি সঞ্জীৱ শইকীয়াৰ মতে ২০০৮ চনত কামৰূপ বিদেশী ন্যায়াধীশকৰনত এটা গোচৰ ৰুজু কৰা হৈছিল । ন্যায়াধীশকৰনৰ ৰায়ৰ পাছত প্ৰাক্তন সেনা বিষয়া গৰাকীক গোৱালপাৰাৰ ডিটেনচন কেম্পত ৰখা হৈছে।

সোনাউল্লাহ জন্ম হৈছিল কামৰূপ জিলাৰ চয়গাঁওৰ কলহীকাষ গাঁওত ১৯৬৭ চনৰ ৩০ জুলাইত জন্ম হৈছিল । ১৯৮৫ চনত বকোৰ চাম্পুপাৰা চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিকত উৰ্ত্তীৰ্ণ হৈছিল । তাৰ পাছত বৰপেটা জিলাৰ চেঙা কলেজত অধ্যয়ন কৰে। তেওঁ ২০১৭ চনৰ ৩১ মেত ভাৰতীয় সেনাৰ পৰা অৱসৰ লয় । ২০১৮ চনত অসম আৰক্ষীৰ সীমান্ত শাখাত আৰক্ষী উপ-পৰিদৰ্শক হিচাপে যোগদান কৰে । কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাতো কাৰ্যনিৰ্বাহ কৰিছিল । ২০১৪ চনৰ ২ চেপ্তেম্বৰত ৰাষ্ট্ৰপতিৰ পৰা প্ৰসংশাৰ মানপত্ৰ লাভ কৰিছিল সোনাউল্লাহে ।

অধিক খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com