Begin typing your search above and press return to search.

আজিৰে পৰা আৰম্ভ হ'ব তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

আজিৰে পৰা আৰম্ভ হব তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Oct 2019 9:20 AM GMT

আজিৰে পৰা আৰম্ভ হ'ব তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।আজিৰ পৰা জ্যোতিচিত্ৰ বনৰ উদ্যোগত আৰু ড° ভূপেন হাজৰিকা ‌ৰিজ'নেল ফিল্ম এণ্ড টেলিভিছন ইনচটিটিউৰ সহযোগত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰিছে।

৭ দিন‌‌ ধৰি চলিব লগীয়া এই চলচ্চিত্ৰ মহোৎসৱত কমেও ৬০ খন দেশৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। এই চলচ্চিত্ৰ মহোৎসৱৰ মূল বিষয় বস্তু তথা লক্ষ্য হল বসুধৈৱ কুটুম্বৰম অৰ্থাৎ বিশ্ব এটা পৰিয়াল।

এই চলচ্চিত্ৰ মহোৎসৱত বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হ'ব ইৰান , লেটিন আমেৰিকা , আৰু কেৰিবিয়ান দেশ সমূহ ।

তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব পলিচ ফিল্ম আৰু থিয়েটাৰ পৰিচালক , নিৰ্মাতা আৰু স্ক্ৰিন ৰাইটাৰ ক্ৰিজট'ফ জানুছি ( krzysztof zanussi ) । জানুছিৰ লগতে বিখ্যাত বলিউডৰ চলচ্চিত্ৰ নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰো উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ।

এই চলচ্চিত্ৰ মহোৎসৱত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ তম জন্ম বাৰ্ষিকী উপলক্ষে ৮ টা বিভাগৰ চলচ্চিত্ৰ ওৱাৰ্ল্ড চিনেমা , ইণ্ডিয়ান শ্ব'কেছ ( Indian showcase ) ,কম্পিটিচন চেক্সন( competition section) , নৰ্থ ইষ্ট কালিডিওস্কোপ ( north east kaleidoscope) , ত্ৰিবিউট চেক্সন ( tribute section ) , ৰেট্ৰচপেক্টিভ চেক্সন ক্ৰিজট'ফ জানুছী ( retrospective section - krzysztof zanussi) প্ৰদৰ্শন কৰা হ'ব ।

এই মহোৎসৱত ৮ খন লেটিন আমেৰিকাৰ দেশেও অংশ গ্ৰহণ কৰিছে।‌ আনহাতে জাপান , চাউথ কোৰিয়া , টাইৱান আৰু হাংগৰীয়ে ইতিমধ্যে তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।

এই চলচ্চিত্ৰ মহোৎসৱ ইছমাইল মৌছেফৰ চাৰ্কোল ( charcoal ) নামৰ চলচ্চিত্ৰ খনৰ দ্বাৰা শুভাৰম্ভ কৰা হব । আনহাতে মহোৎসৱত অনুষ্ঠিত হ'ব লগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ প্ৰতিযোগিতাত প্ৰায় ৪০ খন চলচিত্ৰই অংশ গ্ৰহণ কৰিব । এই প্ৰতিযোগিতা ৪ টা শাখাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবি খনলৈ প্ৰদান কৰা হ'ব ২.৫ লাখ টকা , শ্ৰেষ্ঠ নিৰ্মাতা লৈ ১.৫ লাখ টকা আৰু স্পেচিয়েল জুৰি এৱাৰ্ডলৈ প্ৰদান কৰা হ'ব ৫০,০০০ টকাৰ বঁটা।

অসম চৰকাৰে এই চলচ্চিত্ৰ মহোৎসৱৰ বাবদ প্ৰায় ১.৯৪ কোটি টকা ব্যয় কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: ২০০৮ চনৰ ধাৰাবাহিক বিস্ফোৰণত‌ নিহত সকললৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ শ্ৰদ্ধাঞ্জলি

ভিডিঅ প্ৰতক্ষ্য কৰক : Guwahati Paid Tribute To the Victims of The 2008 Serial Bomb Blasts

Next Story
চাকৰি