মহানগৰীত যুৱতী পৰ্যটকৰ পৰা লুটিলে টকাঃ এজনক গ্ৰেপ্তাৰ

মহানগৰীত যুৱতী পৰ্যটকৰ পৰা লুটিলে টকাঃ এজনক গ্ৰেপ্তাৰ

মহানগৰীত ডকাইতৰূপী আৰক্ষীৰ কাণ্ডই অসম আৰক্ষীৰ গৰিমাত পুনৰবাৰ কালিমা সানিলে ৷ মিজোৰামৰ এগৰাকী মহিলাৰ পৰা ২০ লাখ টকা লুট কৰি দুজন উপ পৰিদৰ্শক,এজন গৃহৰক্ষী জোৱান গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনাই ৰাজ্যৰ সৰ্বত্ৰে জোঁকাৰি গৈছে ৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে শুক্ৰবাৰে বিয়লি তাজ হোটেলৰ সন্মুখত। হাতীগাঁও আৰক্ষী থানাৰ উপপৰিদৰ্শকদ্বয় জন পাথৰি,প্ৰাঞ্জল বৰা আৰু দিছপুৰ আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান বিপুল হাজৰিকাই মিজোৰামৰ এগৰাকী মহিলাক গন্তব্য স্থানলৈ গৈ থকাৰ সময়ত খানাপাৰাৰ তাজ হোটেলৰ সন্মুখত আৰক্ষীৰ দলটোৱে আগচি ধৰে।

জিমৰ সা সৰঞ্জাম ক্ৰয়ৰ বাবে গুৱাহাটীলৈ অহা মিজোৰামৰ যুৱতীৰ গৰাকীৰ পৰা কৌশলেৰে লোৱা ধনৰ কাৰণে সম্প্ৰতি খবৰটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ ইফালে ক্ৰাইম ব্ৰাঞ্চৰ দল বুলি পৰিচয় দি মহানগৰীৰ আৰক্ষীৰ দলটোৱে মহিলাগৰাকীৰ তালাচী চলায় আৰু ২০ লাখ টকা লৈ উধাও হয় ৷ মহিলাগৰাকীক দিছপুৰ থানালৈ আহি থাকিবলৈ কৈ আৰক্ষীৰ দলটো টকাসহ উধাও হয় যদিও ঘটনাটোৱে অন্য ৰূপ লয় ৷কাৰণ যুৱতীগৰাকী আৰক্ষী থানাত উপস্থিত হয় যদিও তাত এজনো ক্ৰাইম বাঞ্চৰ বুলি পৰিচয় দিয়া আৰক্ষী উপস্থিত নাছিল।

ইয়াৰ পিছতে যুৱতীগৰাকীয়ে দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষী থানাই ডকাইতৰূপী আৰক্ষীকেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ মাজতে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে লুটপাতৰ ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড হ’ল পৰ্যটকৰ গাইড জন ৷পৰ্যটকসকলৰ গাইড হিছাপে আৰক্ষীৰ সৈতে এনেধৰণৰ কাৰ্যসমূহ সংঘটিত কৰে ৷

লগতে যুৱতীগৰাকীয়ে এই বৃহৎ পৰিমাণৰ ধন কিয় গুৱাহাটীলৈ আনিছিল সেই সন্দৰ্ভেও তদন্ত কৰা হ’ব বুলি কয় আৰক্ষী আয়ুক্ত জনে ৷উল্লেখ্য যে ডিজিপি কুলধৰ শইকীয়াই কয় যে মই গুৱাহাটী আৰক্ষী আয়ুক্তৰ লগত যোগাযোগ কৰিছোঁ ৷ আইন সকলোৰে কাৰণে সমান ৷ সংবাদমাধ্যমৰ আগত যুৱতীগৰাকীয়ে মন্তব্য কৰে যে মই ব্যৱসায়ৰ কাৰণে এই বৃহৎ পৰিমাণৰ ধন আনিছিলো ৷ কিন্তু তেওঁলোকে বন্দুক দেখুৱাই ধন ৰাশি লৈ গ’ল ৷সম্প্ৰতি এই সন্দৰ্ভত প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষ্যনীয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com