গুৱাহাটীত ভেণ্ডৰ জ'ণ স্থাপন কৰাত ব্যৰ্থ গুৱাহাটী পৌৰ নিগম

গুৱাহাটীত ভেণ্ডৰ জ'ণ স্থাপন কৰাত ব্যৰ্থ গুৱাহাটী পৌৰ নিগম

বিক্ৰেতা সকলৰ বাবে নিদিষ্ট ভেণ্ডৰ জ'নৰ ব্যবস্থা নকৰাৰ ফলতে বিক্ৰেতা সকলে যথেষ্ট অসুবিধাৰ মাজেৰে ব্যবসায় কৰিব লগা হৈছে । বিক্ৰেতা সকলে পদ পথ আদিত ব্যৱসায় কৰিব লগা হোৱাত পথচাৰী সকলক মাজতো সমস্যায়ে দেখা দিয়ে । সেয়েহে এই সমস্যা সমূহ সমাধান কৰিবলৈ ভেণ্ডৰ জ'নৰ নিত্যান্তয়ে প্ৰয়োজনীয় হৈ পৰিছে । কিন্তু গুৱাহাটী পৌৰ নিগমে চহৰ খনত ভেণ্ডৰ জ'ন নিৰ্মাণ কৰাত ব্যৰ্থ হৈছে ।

২০১৪ চনৰ প্ৰটেকচন অব লাইভলিহুদ এণ্ড ৰেগুলেচন অব ষ্টিট ভেণ্ডিঙ ( Protection of livelihood & regulation of street vending) ৰ অধিনত পদ পথৰ বিক্ৰেতা সকলৰ বাবে এক নিদিষ্ট স্থানৰ ব্যবস্থা কৰিব লাগে। যত এই বিক্ৰেতা সকলে নিজৰ নাম ৰেজিষ্ট্ৰেচন আৰু চিনাক্তকৰণ কৰি দোকান প্ৰতিস্থা কৰিব পাৰে । ভেণ্ডৰ জ'নৰ জৰীপ ২০১৫ চনৰ এপ্ৰিল মাহতে সমাপ্ত হৈছে কিন্তু আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষয়ে ব্যবস্থা গ্ৰহণ কৰা নাই । জৰীপৰ মতে , ৭,১৮৩ পথৰ বিক্ৰেতা থকাৰ লগতে ২,০০০ খাদ্য বিক্ৰেতা, ৪০০ মাছৰ বিক্ৰেতা, ১৯০ মাছৰ বিক্ৰেতা, ৮০ মাংস বিক্ৰেতা আৰু ৭০০ ৰো অধিক কাপুৰৰ ব্যবসায়ি আছে । বৰ্তমানেও গননা কৰি থকা হৈছে।

পৌৰনিগমৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে , জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমে পদ পথৰ বিক্ৰেতা সকলৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । বহু সময়ত পদ পথৰ বিক্ৰেতা সকলক উচ্ছেদ কৰা হয়। যিসকল পদ পথৰ বিক্ৰেতাৰ কাৰনে পথচাৰী সকল মাজত অসুবিধাৰ সৃষ্টি হয় । কিন্তু এই সকল বিক্ৰেতাক উচ্ছেদ কৰা হয় যদিও তেওঁৰ দোকানৰ বাবে বিকল্প স্থানৰ ব্যবস্থা কৰা নহয় । সেই বাবে তেওঁলোকে বিভিন্ন সময়ত বিকল্প স্থানৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

যিসকল বিক্ৰেতাক নিজৰ স্থান সমূহ খালী কৰি দিবলৈ কোৱা হৈছিল , সেই সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল ।এই সমগ্ৰ বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়তো উত্থাপন হৈছিল । শীঘ্ৰেই ভেণ্ডৰ জ'ন নিৰ্মাণ কৰাৰ নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে পৌৰ নিগমক। ২০১৮ চনৰ জানুৱাৰী মাহত বিভাগীয় কতৃপক্ষয়ে ৬ খন ভেণ্ডৰ জ'নৰ স্থানৰ কথা প্ৰকাশ কৰিছিল । কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই ভেণ্ডৰ জ'নৰ স্থান। যাৰ ফলত বাৰিষা কালত অতি কষ্টেৰে পদ পথৰ বিক্ৰেতা সকলে জীৱনৰ লগত সংগ্ৰাম কৰিব লগা হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com