Begin typing your search above and press return to search.

অম্বুবাচী মেলাৰ কাৰণে সাজু হৈছে গুৱাহাটী পৌৰ নিগম

অম্বুবাচী মেলাৰ কাৰণে সাজু হৈছে গুৱাহাটী পৌৰ নিগম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Jun 2019 8:59 AM GMT

অম্বুবাচী মেলাৰ কাৰণে সাজু হৈছে গুৱাহাটী পৌৰ নিগম ৷ বৰ্ষটোৰ সকলোতকৈ বৃহৎ মেলা অম্বুবাচী অনুষ্ঠিত হ’ব ২২ পৰা ২৬ জুনলৈ ৷ আৰু এই আয়োজনৰ কাৰণে সম্প্ৰতি ২.৫ কোটি টকা ধাৰ্য কৰা হৈছে ৷ ইফালে,অম্বুবাচী মেলাত দেশৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা ভক্তৰ সমাগম হ’ব ৷ সেয়েহে মহানগৰীক সৰ্বতো প্ৰকাৰে স্বচ্ছ কৰা আৰু ভক্ত সকলৰ কাৰণে আশ্ৰয় গৃহ সুনিশ্চিত কৰাৰ দায়িত্ব দিয়া হৈছে গুৱাহাটী পৌৰ নিগমক ।

অন্যহাতে কামাখ্যা মন্দিৰলৈ যাবলৈ তিনিটা পথ আছে ৷এই পথসমূহত উচিত বিদ্যুতৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ লগতে বিকল ষ্ট্ৰীট লাইটসমূহক মেৰামতি কৰিবলৈ সিদ্ধান্ত লৈছে ৷ যাতে ভক্তসকলৰ কোনো অসুবিধাৰ সৃষ্টি নহয় ৷ ইফালে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেবেশ্বৰ মালাকাৰে মংগলবাৰে নিগমৰ কাম কাজ পৰ্যবেক্ষণ কৰে ৷ চলিত বৰ্ষত গুৱাহাটী পৌৰ নিগমৰ পানীৰ পাইপসমূহ বৃদ্ধি কৰা হৈছে ৷

লগতে গুৱাহাটী পৌৰ নিগমে ২৪ ঘন্টাই সেৱাৰ কাৰণে কামত নিয়োজিত থাকিব ৷ ইফালে গুৱাহাটী পৌৰ নিগমক দিয়া দায়িত্বৰ পৰ্যবেক্ষণ কৰিছে অতিৰিক্ত আয়ুক্ত দ্বিজেন সিঙে ৷ অম্বুবাছী মেলাখনৰ সকলো কাম সময়মতে বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে গুৱাহাটী পৌৰ নিগমক দিয়া দায়িত্ব অতিৰিক্ত আয়ুক্ত গৰাকীয়ে ১৯ জুনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷

কামাখ্যা মন্দিৰত হ’ব লগা অম্বুবাচী মেলাত বিভিন্ন ঠাইৰ পৰা ভক্তসকল অহাৰ সম্ভাৱনা আছে ৷গতিকে পাণ্ডু ষ্টেশ্যন,নাহৰবাৰী,বাৰিপাৰা আৰু ফেন্সী বজাৰক আশ্ৰয় শিবিৰ স্থল হিচাপে চিহ্নিত কৰিছে ৷ ইফালে, উপায়ুক্তই মহানগৰীক পৰিস্কাৰ কৰাৰ দায়িত্ব কামাখ্যা দেৱালয়,গুৱাহাটী পৌৰ সভাক অৰ্পণ কৰিছে ৷ লগতে,স্বাস্থ্য সম্বন্ধীয় বিষয়ত মন্দিৰৰ আশে পাশে চিকিৎসক দল উপস্থিত থাকিব।

ইফালে বিদ্যুত বিভাগক সকলো ক্ষেত্ৰতে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে অসম ৰাজ্যিক পৰিবহন নিগমক তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে বাছৰ বৃদ্ধিৰ কাৰণে আহ্বান কৰে ৷ আৰু তীৰ্থ যাত্ৰীসকলক পৰ্যাপ্ত পৰিমাণে শৌচালয়ে নিৰ্মাণ কৰিবলৈ আদেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষক ।

উল্লেখ্য যে উপায়ুক্ত বিশ্বজিৎ পেগুৱে চিচিটিভি কেমেৰা লগাবৰ কাৰণে আহ্বান কৰাৰ লগতে ট্ৰেফিকৰ ব্যৱস্থা কৰিবলৈও কয়। লগতে মহিলাসকলৰ সুৰক্ষাৰ কাৰণে মহিলা সুৰক্ষা কৰ্মী,স্কাউট গাইড আৰু এনচিচিৰ ব্যৱস্থা কৰিবলৈ কয় উপায়ুক্তই।

অম্বুবাচী মেলাৰ প্ৰাক মুহুৰ্তত ভান্দাৰা অৰ্থাৎ ভক্তসকলক খাদ্য পৰিবেশন কৰোৱাত সহায় কৰা লোকসকলক উপায়ুক্ত বিশ্বজিৎ পেগুৱে কিছু নিৰ্দেশনা দিয়ে ৷ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কিছুমান দল আৰু ভান্দাৰাক নিৰ্দেশ দিয়ে যে ভৰুলুমুখৰ পৰা কামাখ্যা মন্দিৰলৈকে আৰু কামাখ্যা গেটৰ পৰা মালিগাঁৱলৈকে কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়িব নোৱাৰিব ৷

লগতে খাদ্য সুৰক্ষা বিভাগে খাদ্যসমূহৰ স্বচ্ছতাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব ৷ ইফালে প্ৰত্যেক ভান্দাৰাক খাদ্যৰ ওপৰত অত্যাধিক স্বচ্চতা বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিয়ে ৷ ইফালে খোৱা পানীৰ সন্দৰ্ভতো তীক্ষ্ণ দৃষ্টি ৰাখিব প্ৰশাসনে ৷ পাকঘৰ আৰু ভোজন গৃহ প্ৰত্যেক দিনে দুবাৰকৈ চাফা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সকলো ভান্দ্ৰাৰক একে সময়তে খাদ্য পৰিবেশন কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্তই ৷

অন্যহাতে পৰিবেশন কৰিব লগীয়া খাদ্যসমূহৰ ভিতৰত আছে পটল,স্কোৱাছ,ভেণ্ডি, জিকা,বীন,চয়াবীন,মগুমাহ,পনীৰ আদি ৷ কিন্তু শুকান জলকীয়া,জলকীয়া গুৰি,ৰঙালাও,দৈ আদি কিছুমান সামগ্ৰী দিয়াত প্ৰতিবন্ধকতা আৰোপ কৰিছে উপায়ুক্তই ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি